October 23, 2026 6:01 PM
দুদিনীয়া ভ্ৰমণসূচীৰে ছট্টিশগড়ত ৰাষ্ট্ৰপতি মুৰ্মুঃ জগদলপুৰৰ মা দান্তেশ্বৰী মন্দিৰ দৰ্শন, পৰম্পৰাগত ৰীতি-নীতিৰে পূজা-অৰ্চনা
দুদিনীয়া ভ্ৰমণসূচীৰে কালি ছট্টিশগড়লৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি পুৱা জগদলপুৰৰ মা দান্তেশ্বৰী মন্দিৰ দৰ্শন কৰি পৰম্পৰাগত ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰে। শ্ৰীমতী মুৰ্মুৱে দেশৰ নাগৰিকসকলৰ সমৃদ্ধি, সুখ আৰু সু-স্বাস্থ্যৰ বাবে মা দান্তেশ্বৰীৰ চৰণত প্ৰাৰ্থনা জনায়। মন্দিৰ দৰ্শনকালত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা আৰু মুখ্যমন্ত্ৰী বিষ্ণু দেওচাই উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যখনৰ জনসাধাৰণৰ মা দান্তেশ্বৰীৰ প্ৰতি অবিচল ভক্তি আছে। মা দান্তেশ্বৰী হৈছে বাস...