October 3, 2026 6:35 PM

views 1

এছিয়ান গেমছত মহিলাৰ ৰিকাৰ্ভ শাখাৰ একক শিতানত সোণৰ পদক লাভ কৰা কুমকুম অনিল মহদক ৰাষ্ট্ৰপতি মুৰ্মুৰ অভিনন্দন

এছিয়ান গেমছত মহিলাৰ ৰিকাৰ্ভ শাখাৰ একক শিতানত সোণৰ পদক লাভ কৰা কুমকুম অনিল মহদক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অভিনন্দন জ্ঞাপন কৰিছে। ৰিকাৰ্ভ শাখাৰ একক শিতানত সোণৰ পদক লাভ কৰা কুমকুম দেশৰ প্ৰথমগৰাকী মহিলা। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কুমকুম অনিল মহদে এছিয়ান গেমছত দলীয় শিতানত আৰু দুটা পদক অৰ্জনেৰে ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়াইছে। খেলুৱৈগৰাকীৰ এই কৃতিত্বই যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।

October 2, 2026 11:41 AM

views 7

গান্ধী জয়ন্তী উপলক্ষে শান্তি আৰু অহিংসাৰ বাৰ্তাবাহক মহাত্মা গান্ধীক ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ সোঁৱৰণ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সুঁৱৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে বিশ্বৰ বিভিন্ন অংশত অব্যাহত থকা যুদ্ধ আৰু সংঘৰ্ষৰ বৰ্তমানৰ পৰিস্থিতিত মহাত্মা গান্ধীৰ শান্তি আৰু অহিংসাৰ বাৰ্তা অধিক প্রাসঙ্গিক হৈ উঠিছে। তেওঁ কয় যে, বিশ্ব সম্প্রদায়ে গান্ধীৰ জীৱন আৰু আদৰ্শৰাজিৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰি আহিছে। ভাৰতবৰ্ষই ২০৪৭ চনৰ ভিতৰত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰি শ্রীম...

September 29, 2026 4:41 PM

views 3

এছিয়ান গেমছ ২০২৬ ত মহিলাৰ ট্ৰেপ দলত ৰূপৰ পদক লাভ কৰা নিৰু ধাণ্ডা, অসীমা আহলাওৱাৰ্ট আৰু মণিষা কিৰলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এছিয়ান গেমছ ২০২৬ ত মহিলাৰ ট্ৰেপ দলত ৰূপৰ পদক লাভ কৰা নিৰু ধাণ্ডা, অসীমা আহলাওৱাৰ্ট আৰু মণিষা কিৰলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমতী মুৰ্মুৱে কয় যে তেওঁলোকৰ স্থিৰ লক্ষ্য আৰু কঠোৰ অনুশীলনে এই প্রতিযোগিতাত সফল হোৱাত সহায় কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে খেলুৱৈসকলক এই জয়ৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ বাবে অভিনন্দন জনাইছে।

September 22, 2026 8:50 PM

views 13

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গুজৰাটৰ একতা নগৰত আজি সন্ধিয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্ৰদান কৰে। এই বঁটাসমূহে দেশৰ শ্ৰেষ্ঠ চলচ্চিত্র, বিভিন্ন শিতানত কলা আৰু কাৰিকৰী উৎকর্ষতাক প্রতিফলিত কৰিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বঁটা লাভ কৰাসকলক অভিনন্দন জ্ঞাপন কৰে। ২০২৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী অনন্ত নাগক পাঁচ দশক ধৰি চলচ্চিত্ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বিভিন্ন অৱদানৰ বাবে শ্রীবৈষ্ণৱে শলাগ লয়। তেওঁ কয় যে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ পৰ...

August 19, 2026 8:24 PM

views 30

প্রযুক্তি, সংবাদমাধ্যম, অর্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি- নির্দেশনাসমূহ দ্রুতগতিত পৰিৱৰ্তিত হৈছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে প্রযুক্তি, সংবাদমাধ্যম, অর্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি- নির্দেশনাসমূহ দ্রুতগতিত পৰিৱৰ্তিত হৈছে। ভাৰতীয় তথ্যসেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎকাৰৰ সময়ত তেওঁ এই কথা সদৰি কৰে। এই সন্দৰ্ভত বিষয়াসকলক নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰা আৰু আচাৰ ব্যৱহাৰত দয়া আৰু সততা বৰ্তাই ৰখাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ হ'বলৈ পৰামৰ্শ প্ৰদান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনসাধাৰণক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বিষয়াসকলক ন্যস্ত কৰ...

August 13, 2026 5:42 PM

views 23

১১৫ গৰাকী শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত ১১৫ গৰাকী শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰিব। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে ২০২৪ বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে ২০২৫ বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কন্দলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰজ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়...

July 17, 2026 2:40 PM

views 26

১৯ জুলাইৰ পৰা মালডোভা উত্তৰ মেসেড’নিয়া আৰু ৰোমানিয়া ভ্ৰমণৰ সূচীৰে ৰাষ্ট্ৰপতি মুৰ্মুৰ যাত্ৰা আৰম্ভ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ১৯ জুলাইৰ পৰা মালডোভা উত্তৰ মেসেড’নিয়া আৰু ৰোমানিয়া ভ্ৰমণৰ সূচীৰে যাত্ৰা আৰম্ভ কৰিব। অহা ২০ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মালডোভা ভ্ৰমণ কৰিব আৰু তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মায়া সেন্দুৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে মালডোভাৰ সংসদৰ অধ্যক্ষ ইগৰ গ্ৰছুক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ সৈতে মালডোভা-ভাৰত সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতে বৈঠকত কৰিব। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এখন ব্যৱসায়িক মঞ্চত ভাষণ দিব আৰু ভাৰতীয...

July 6, 2026 8:06 PM

views 27

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৬খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয়পত্র গ্রহণ কৰে

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৬খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয়পত্র গ্রহণ কৰে। মুজাম্বিকৰ উচ্চায়ুক্ত আৰমান্দো পেদ্রো মুইয়ুয়ানে জুনিয়ৰ নিকাৰাগোৱাৰ ৰাষ্ট্রদূত নাদেস্কা ইমাৰা কাথবার্ট কালচন সুৰিনামৰ ৰাষ্ট্রদূত হানিচা জয়ৰাম আৰু গেবন গণৰাজ্যৰ ঔৰেলিন মাৰ্ছেল মিনচা আৰু মংগোলীয়াৰ ৰাষ্ট্রদূত ড° উলজিৎ লোহাচঞ্জেভ আৰু বাহামাৰ উচ্চায়ুক্ত পিটাৰ নিকোলাচে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদান কৰে।

June 23, 2026 2:25 PM

views 29

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জর্জ কুৰিয়ানৰ কেন্দ্রীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্য মন্ত্ৰী তথা মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ ৰাজ্য মন্ত্ৰী জর্জ কুৰিয়ানে কেন্দ্রীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে। Gষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মন্ত্ৰী কুৰিয়ানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে।

June 12, 2026 8:34 PM

views 34

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে ডৰাডুনলৈ গৈছে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে ডৰাডুনলৈ গৈছে। উত্তৰাখণ্ডৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমীত সিং আৰু মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিয়ে শ্ৰীমতী মুৰ্মু আদৰণি জনায়। নির্ধাৰিত কাৰ্যসূচী অনুসৰি শ্ৰীমতী মুৰ্মুৱে আজি ডেৰাডুনৰ ৰাষ্ট্ৰপতি নিকেতনলৈ যাব আৰু ১৩২ একৰ ভূমিত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰপতি উদ্যানৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল'ব। ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীমতী মুৰ্মু ডেৰাডুনৰ ভাৰতীয় মিলিটেৰী একাডেমীত হ'বলগীয়া দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত...