ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সুঁৱৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে বিশ্বৰ বিভিন্ন অংশত অব্যাহত থকা যুদ্ধ আৰু সংঘৰ্ষৰ বৰ্তমানৰ পৰিস্থিতিত মহাত্মা গান্ধীৰ শান্তি আৰু অহিংসাৰ বাৰ্তা অধিক প্রাসঙ্গিক হৈ উঠিছে। তেওঁ কয় যে, বিশ্ব সম্প্রদায়ে গান্ধীৰ জীৱন আৰু আদৰ্শৰাজিৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰি আহিছে।
ভাৰতবৰ্ষই ২০৪৭ চনৰ ভিতৰত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰি শ্রীমতী মুর্মুৱে কয় যে উন্নয়নৰ উপকাৰৰ পৰা যাতে কোনো নাগৰিক বঞ্চিত হ’বলগীয়া নহয় তাক সুনিশ্চিত কৰাৰ বাবে অন্তর্ভুক্তি আৰু সহমর্মিতাৰ আদৰ্শৰাজিক অগ্ৰাধিকাৰ দিয়া হৈছে।
এই দৃষ্টিভংগীয়ে সকলোৰে কল্যাণ আৰু উন্নয়নৰ নীতি আধাৰিত মহাত্মা গান্ধীৰ সৰ্বোদয়াৰ আদৰ্শক প্রতিফলিত কৰে বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে নৈতিক আচৰণ আৰু সক্রিয় অংশগ্রহণেৰে সবল, উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পৰ প্ৰতি পুনৰ প্রতিশ্রুতিবদ্ধ হ’বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।