গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি সমগ্র দেশত আজি বিশেষ গাঁওসভাৰ আয়োজন কৰা হৈছে। এই সভাসমূহত গ্রামাঞ্চলত পঞ্চায়তীৰাজ ব্যৱস্থা সুদৃঢ় কৰা, ৰাজহুৱা সেৱাৰ উন্নয়ন আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্যৰে প্ৰবৰ্তন কৰা ৰূপান্তৰকাৰী প্ৰশাসনিক সংস্কাৰৰ বিষয়ে আলোচনা কৰা হ’ব।
গ্রামোন্নয়ন মন্ত্রালয়ে প্রকাশ কৰা মতে এই বিশেষ সভাৰ আয়োজনেৰে জন পৰিকল্পনা অভিযান ২০২৬-২৭ সকলোৰে যোজনা সকলোৰে বিকাশ আৰম্ভ হ’ব।
এই অভিযানৰ অধীনত গাঁও পঞ্চায়তসমূহে অংশগ্রহণমূলক আৰু তথ্য আধাৰিত পৰিকল্পনাৰ জৰিয়তে ২০২৭-২৮ বিত্তীয় বৰ্ষৰ বাবে নিজৰ গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিব।
দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত ২০১৮ চনৰ পৰা এই জন পৰিকল্পনা অভিযান ৰূপায়ণ কৰি অহা হৈছে, যাতে পঞ্চায়তসমূহে সর্বাত্মক আৰু অংশগ্রহণমূলক উন্নয়ন পৰিকল্পনা যুগুত কৰিব পাৰে।
দেশৰ বিভিন্ন প্ৰান্তৰ ২ লাখ ৫৫ হাজাৰৰো অধিক গাঁও পঞ্চায়তে নিজৰ নিজৰ পৰিকল্পনা প্ৰস্তুত কৰি ই-গ্রাম স্বৰাজ পৰ্টেলত আপল’ড কৰিছে। গাঁওসভাসমূহত জনসাধাৰণ আৰু স্থানীয় প্রতিনিধিসকলে একেলগে চৰকাৰী আঁচনিৰ সমীক্ষা কৰিব আৰু নিজৰ নিজৰ গাঁওৰ বাবে অগ্ৰাধিকাৰ নিশ্চিত কৰিব।