October 28, 2026 12:40 PM | Ashwini Vaishnav

printer

মোবাইল নির্মান খণ্ডত ১২ লাখ লোক নিয়োগ হৈ আছে : অশ্বিনী বৈষ্ণৱ

ইলেক্ট্ৰনিকছ আৰু তথ্যপ্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কৈছে যে, দেশত ইলেক্ট্ৰনিকছ নির্মাণ খণ্ডই ২৫ লাখ লোকক নিযুক্তি প্ৰদান কৰাৰ লগতে কেৱল মোবাইল নির্মান খণ্ডতেই ১২ লাখ লোক নিয়োগ হৈ আছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রী বৈষ্ণৱে Mobile Production linked Incentive চমুকৈ PLI আঁচনিৰ পৰিসংখ্যা প্রকাশ কৰি এই বিষয়ে মন্তব্য কৰে। তেওঁ কয় যে, চৰকাৰী উদগনি হিচাপে ১৯ হেজাৰ কোটি টকা আদায় দিয়াৰ লগতে ২৫ হেজাৰ কোটি টকাৰ প্ৰত্যক্ষ কৰ আৰু ৩ লাখ কোটি টকাৰ সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহ কৰা হৈছে।