December 3, 2025 4:06 PM

views 59

ভুৱা বাতৰিক গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

■ তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভুৱা বাতৰিক গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। লোকসভাত আজি শূন্যকালত উত্থাপিত পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম, ভুৱা বাতৰি আৰু কৃত্রিম বুদ্ধিমত্তাৰ আধাৰত প্ৰস্তুত কৰা ডীপ ফেকৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৃত্রিম বুদ্ধিমত্তাৰ আধাৰত প্ৰস্তুত কৰা ডীপ ফেকৰ লেখীয়া বা-বাতৰি চিনাক্ত কৰি এইবোৰৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে খচৰা নীতি প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ লগতে সদনক জানিবলৈ দিয়...

November 16, 2025 8:16 PM

views 73

দেশৰ গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবৰ মন্তব্য

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবে দেশৰ গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে দিৱস উপলক্ষে সংবাদ মাধ্যমক বিশ্বাসযোগ্যতা শক্তিশালী কৰাৰ লগতে ভুল তথ্যক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই বক্তৃতাৰ আয়োজন কৰা হৈছে। এই দিবস উপলক্ষে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কৰ্মৰত সকলোকে অভিনন্দন জনায়। আজিৰ অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্রী ড০ এল মুৰুগান, বিভ...

October 24, 2025 12:46 PM

views 81

ষট্ পূজাৰ সময়ত ১৫০০ খন বিশেষ ৰেলৰ ব্যৱস্থা কৰা হব বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

ৰে'লমন্ত্রী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীৰ ৰে'ল ভৱনৰ বিশেষ কক্ষৰ পৰা কালি এই উৎসৱৰ বতৰত ৰে'ল যাত্ৰীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে চলাচল কৰোৱা বিশেষ ৰে'লৰ বিষয়ে সবিশেষ বুজ লয়। তেওঁ সমাগত ষট্ পূজাৰ প্ৰতি লক্ষ্য ৰাখি বাবে ৰে'ল কর্তৃপক্ষই যাত্ৰীৰ সুবিধাৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। উৎসৱত বতৰত যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰে'ল ষ্টেচনসমূহত সু-ব্যবস্থা গঢ়ি তোলা আৰু পর্যাপ্ত নিৰীক্ষণ ব্যবস্থা গ্রহণ কৰা হৈছে। শ্রীবৈষ্ণবে কয়, যে তিনিটা পর্যায়ত সমগ্র দেশতে ৰেলৱে বৰ্ড, মাণ্ডল...

October 20, 2025 7:41 PM

views 69

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ নতুন দিল্লীৰ ৰেলৱে ব’ৰ্ডৰ ৱাৰ ৰূম পৰিদৰ্শন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীৰ ৰেলৱে ব'ৰ্ডৰ ৱাৰ ৰূম পৰিদৰ্শন কৰে। ভ্রমণকালত তেওঁ উৎসৱৰ বতৰত যাত্ৰীসকলৰ যাতায়তৰ সুবিধা-অসুবিধাৰ বুজ লয়। শ্রীবৈষ্ণৱে ২৪ ঘণ্টাই সেৱা আগবঢ়াবলৈ কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ উপৰি দীপাৱলী উপলক্ষে তেওঁলোকলৈ শুভেচ্ছাও জনায়। উল্লেখযোগ্য যে, উৎসৱৰ বতৰত বৰ্দ্ধিত যাত্ৰীৰ সুচল যাতায়তৰ বাবে ভাৰতীয় ৰে'লৱেই এইবাৰো বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। পূজা, দীপাৱলী আৰু ছঠ পূজাৰ সময়ছোৱাত মসৃণ যাত্রা নিশ্চিত কৰিবলৈ ৰে'লৱেই ১২ হাজাৰৰো অধিক বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে।

October 20, 2025 11:29 AM

views 72

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে'লৱেৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে কালি নিশা আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন কৰে। দীপাৱলী তথা যট পূজাৰ সময়ছোৱাত ৰে'লযাত্ৰীসকলৰ সুবিধা-অসুবিধাৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে এইদৰে কালি ষ্টেচনটোত কালি উপস্থিত হয়। তেওঁ যাত্ৰীসকলৰ লগত বাৰ্তালাপ কৰাৰ লগতে এই সন্দৰ্ভত তেওঁলোকৰ মতামতো গ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীবৈষ্ণৱে কয়, যে দীপাৱলী আৰু ষট পূজাৰ সময়ত দিল্লী ষ্টেচনত যাত্ৰীৰ যথেষ্ট ভিৰ হয় আৰ এই সময়ছোৱাত ৰে'লৱে কৰ্তৃপক্ষই প্ৰতিবাৰে যাত্ৰীৰ সু...

September 22, 2025 9:11 PM

views 62

সামগ্ৰী আৰু সেৱা কৰৰ সংস্কাৰে দেশৰ অৰ্থনৈতিক বিকাশত নতুন গতি প্রদান কৰিবঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সামগ্ৰী আৰু সেৱা কৰৰ সংস্কাৰে দেশৰ অৰ্থনৈতিক বিকাশত নতুন গতি প্রদান কৰিব বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয়, যে দেশৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতা বাঢ়িব আৰু ইয়াৰ বাবে মুঠ ঘৰুৱা উৎপাদন প্রায় ২০ লাখ কোটি টকা বৃদ্ধি পাব। তেওঁ কয়, যে দেশৰ জনগণে চৰকাৰৰ এই সিদ্ধান্তত সন্তোষ প্ৰকাশ কৰিছে। কিয়নো এতিয়াৰে পৰা দৈনন্দিন প্রয়োজনৰ প্ৰায়বোৰ সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ ফলত তেওঁলোকৰ আয়...

August 2, 2025 12:26 PM

views 55

ভিৰ নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক সিদ্ধান্ত ল’ব পৰাকৈ ষ্টেচন সঞ্চালকক কেন্দ্ৰৰ ক্ষমতা প্ৰদান

উৎসৱৰ সময়ত যাত্ৰীৰ যথেষ্ট ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ৭৩টা বৃহৎ ৰে'ল ষ্টেচনৰ, ষ্টেচন সঞ্চালকসকলক ভিৰ নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক সিদ্ধান্ত ল'ব পৰাকৈ ক্ষমতা প্ৰদান কৰা হ'ব। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি ৰাজ্যসভাত উত্থাপিত এটা প্ৰশ্নৰ লিখিত উত্তৰত এইদৰে জনায়। শ্রীবৈষ্ণৱে কয়, যে ৰে'লৱেই ষ্টেচনসমূহত যাত্ৰীৰ অধিক ভিৰ নিয়ন্ত্ৰণৰ বাবে বহল পদ উৰণ সেতুৰ লগতে ষ্টেচনৰ বাহিৰত যাত্ৰীৰ স্থায়ী অপেক্ষাকৃত স্থান প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় ৫টা ষ্টেচনত এনে প্ৰকল্পৰ কামে অগ্রগতি লাভ কৰিছে। অধিক ভিৰ-...