October 24, 2026 11:55 AM | Ashwini Vaishnav

printer

ছাঁটনা-দেবেন্দ্ৰ নগৰ আৰু ৰেৱা-চুৰাট ৰে’ল খণ্ড উদ্বোধন

ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি ১০০ কিলোমিটাৰতকৈও অধিক দৈর্ঘ্যৰ ছাঁটনা-দেবেন্দ্ৰ নগৰ আৰু ৰেৱা-চুৰাট ৰে’ল খণ্ড উদ্বোধন কৰিব। তেওঁ লগতে দেৱেন্দ্ৰ নগৰ আৰু চুৰাটৰ মাজত চলিবলগীয়া এখন নতুন ৰে’লৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। এই উদ্বোধনী অনুষ্ঠানত মধ্য প্রদেশৰ মুখ্যমন্ত্রী ড০ মোহন যাদৱ উপস্থিত থাকিব। ৰে’ল মন্ত্ৰালয়ে কয়, যে এই নতুন ৰে’ল খণ্ডই ৰে’ল যাত্ৰীসকলক সুবিধা প্ৰদান কৰাৰ লগতে উদ্যোগীক উন্নয়ন, বাণিজ্য আৰু নিয়োগৰ ক্ষেত্ৰতো সুবিধাৰ সৃষ্টি কৰিব। ৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছাটনা-দেৱেন্দ্ৰ নগৰ ৰে’ল খণ্ডই ছাটনা, নাগ’ড, দেৱেন্দ্ৰ নগৰ আৰু কাষৰীয়া অঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব। ইপিনে ৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেৱা-চুৰাট খণ্ডই ৰেৱা আৰু সিদ্ধি অঞ্চলৰ ৰে’ল যোগাযোগ ব্যৱস্থা শক্তিশালী কৰি তুলিব।