কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে’লৱেৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে কালি নিশা আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন কৰে। দীপাৱলী তথা যট পূজাৰ সময়ছোৱাত ৰে’লযাত্ৰীসকলৰ সুবিধা-অসুবিধাৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে এইদৰে কালি ষ্টেচনটোত কালি উপস্থিত হয়। তেওঁ যাত্ৰীসকলৰ লগত বাৰ্তালাপ কৰাৰ লগতে এই সন্দৰ্ভত তেওঁলোকৰ মতামতো গ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীবৈষ্ণৱে কয়, যে দীপাৱলী আৰু ষট পূজাৰ সময়ত দিল্লী ষ্টেচনত যাত্ৰীৰ যথেষ্ট ভিৰ হয় আৰ এই সময়ছোৱাত ৰে’লৱে কৰ্তৃপক্ষই প্ৰতিবাৰে যাত্ৰীৰ সুবিধাৰ অৰ্থে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ কয়, যে ৰে’ল মন্ত্ৰ্যালয়ে মুম্বাই, পুনে, চুৰাট, বেংগালুৰু, ছেকেন্দ্ৰাবাদ আদি যাত্ৰীৰ যথেষ্ট ভিৰ পৰিলক্ষিত হোৱা ষ্টেচনসমূহতো যাত্ৰীৰ সুবিধাৰ বাবে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰিছে।
Assamese | October 20, 2025 11:29 AM | Ashwini Vaishnav | Indian Railway
কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন