October 28, 2026 12:36 PM | Railway Recruitment

printer

দেশৰ ৰেলৱে নিযুক্তি পৰিষদ আৰু মণ্ডলসমূহত ১,২৬৫টা ষ্টেচন মাষ্টাৰৰ পদ ঘোষণা

ভাৰতীয় ৰেল বিভাগে স্নাতক যুৱক যুৱতীসকলৰ বাবে নিয়োগৰ নতুন সুযোগ মুকলি কৰি দেশৰ ৰেলৱে নিযুক্তি পৰিষদ আৰু মণ্ডলসমূহত এহেজাৰ ২৬৫টা ষ্টেচন মাষ্টৰৰ পদ ঘোষণা কৰিছে। ৰেল বিভাগৰ নিযুক্তি সম্পর্কীয় এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি ষ্টেচন মাষ্টৰ নিযুক্তিৰ বাবে ২০২৬ চনৰ পৰা পৃথক জাননী জাৰি কৰা হ’ব। এই পদসমূহৰ বাবে অহা ২৫ নৱেম্বৰ পৰ্যন্ত অনলাইন আবেদনৰ ব্যবস্থা মুকলি থাকিব। এই নিযুক্তি প্রক্রিয়াই যোগ্য প্ৰাৰ্থীসকলৰ বাবে নিয়োগৰ সুযোগ প্রদানৰ ক্ষেত্ৰত ৰেল বিভাগৰ অবিৰত প্ৰয়াসক প্রতিফলিত কৰিছে।