October 28, 2026 12:13 PM | PM Modi

printer

বিকশিত বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱন সন্মিলনত প্রধানমন্ত্রীৰ ভাষণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভৱিষ্যতৰ প্ৰযুক্তি গঢ় দিয়াৰ ক্ষেত্ৰত ভাৰতে উদ্ভাৱনক গুৰুত্ব দি বিশ্বক নেতৃত্ব দিব লাগিব বুলি মন্তব্য কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বিকশিত বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱন সন্মিলনত ভাষণ দি শ্রীমোদীয়ে কয় যে ভাৰতে ভৱিষ্যতৰ প্ৰযুক্তিসমূহক আঁকোৱালি লৈ গুৰুত্বপূৰ্ণ উদ্ভাৱনৰ লগতে বিশ্বক নেতৃত্ব দিব লাগিব। তেওঁ বৈজ্ঞানিক গবেষণা, আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মনোভাৱক শক্তিশালী ভেটিৰ ওপৰত এখন বিকশিত ভাৰত গঢ় লৈ উঠিব বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে দেশে নিজৰ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ প্ৰযুক্তিক দ্রুততাৰে আগবঢ়াই লৈ গৈছে। তেওঁ লগতে উল্লেখ কৰে যে মাত্র কেইবামাহ মানৰ পূৰ্বে থলুৱাভাৱে নির্মিত ৫০০ মেগাৱাটৰ প্ৰট’টাইপ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰৰ প্ৰথমটো নিউক্লিয় শৃংখল প্রতিক্রিয়া অর্থা ক্রিটিকেলিটি সফলতাৰে লাভ কৰে।

প্রধানমন্ত্রী মোদীয়ে কয় যে বিজ্ঞানৰ প্ৰকৃত সফলতা তাত থাকে যেতিয়া বিজ্ঞানে গৱেষণাগাৰৰ পৰা ওলাই সাধাৰণ নাগৰিকৰ জীৱন উন্নত কৰে, বৃহৎ সমস্যা সমাধানৰ লগতে স্বাস্থ্যসেৱা, কৃষি, শিক্ষা, নিয়োগ আৰু দুৰ্যোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। তেওঁ লগতে কয় যে বিগত এটা বছৰত বজাৰৰ বাবে সাজু কৰি তোলা গৱেষণা প্ৰযুক্তিৰ বাবে চৰকাৰে প্রতিশ্রুতি দিয়া ১২ হাজাৰ কোটি টকাৰ সমান্তৰালকৈ ব্যক্তিগত বিনিয়োগকাৰীসকলে এইক্ষেত্ৰত সমপৰিমাণৰ অৰ্থাৎ ১২ হাজাৰ কোটি টকাই বিনিয়োগ কৰিছে। তেওঁ কয় যে ১০ বছৰৰ পূৰ্বে বার্ষিক পেটেন্ট দাখিলৰ সংখ্যা ৫০ হাজাৰতকৈও কম হোৱাৰ বিপৰীতে বিগত বৰ্ষত প্রায় ডেৰ লাখলৈ বৃদ্ধি পোৱাটোৱে সংখ্যাৰ উপৰি গভীৰ গাঁথনিগত পৰিৱৰ্তনকে প্রতিফলিত কৰিছে।

শ্রীমোদীয়ে কয় যে ভাৰতৰ লক্ষ্য হৈছে আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্রত সামর্থ্য গঢ়ি তোলা। একবিংশ শতিকাৰ ভাৰত নতুন মানসিকতা আৰু নতুন বিশ্বাসেৰে আগবাঢ়িছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে, বিশ্বৰ বাবে আজি আৰু অনাগত দিনৰ বাবে নতুন প্রযুক্তি সৃষ্টি কৰাই হৈছে লক্ষ্য।

অনুষ্ঠানত অংশ লৈ বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্রী ড০ জীতেন্দ্ৰ সিঙে কয় যে ভাৰতে বিজ্ঞান, উদ্ভাৱন আৰু প্ৰযুক্তি সামৰ্থ্যৰ ক্ষেত্ৰত নিজৰ স্থিতি প্ৰতিষ্ঠা কৰিছে আৰু সমগ্ৰ বিশ্বই ভাৰতক সম্মান তথা প্রশংসাৰ দৃষ্টিৰে চাইছে। উল্লেখযোগ্য যে এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত কেইবা হাজাৰ বিশেষজ্ঞ আৰু প্রতিনিধিয়ে অংশগ্রহণ কৰিছে। তিনিদিনীয়া এই সন্মিলনত আগশাৰীৰ বিজ্ঞানী, গবেষক, শিক্ষাবিদ, নীতি নির্মাতা, উদ্যোগপতি, ষ্টার্টআপ আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে বিকশিত প্রযুক্তি আৰু ভাৰতৰ বিজ্ঞান প্রযুক্তি তথা উদ্ভাবন অগ্রাধিকাৰ সন্দৰ্ভত আলোচনা কৰিছে।