October 10, 2026 12:10 PM
1
কিশোৰীসকলৰ স্বাস্থ্য, পুষ্টি আৰু সামগ্রিক বিকাশৰ প্ৰতি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধিক গুৰুত্ব আৰোপ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কিশোৰীসকলৰ স্বাস্থ্য, পুষ্টি আৰু সামগ্রিক বিকাশৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে। কালি নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া মহিলা আৰু শিশু বিকাশৰ ৰাষ্ট্ৰীয় বিভাগীয় সন্মিলনৰ বিদায়ী অধিৱেশনত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰে। প্রধানমন্ত্রী মোদীয়ে এই ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি অংগনবাড়ী কেন্দ্ৰসমূহক ৰাইজৰ অংশগ্ৰহণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কয়, যে অংগনবাড়ীৰ কেন্দ্ৰৰ সমীপত বসবাস কৰা পৰিয়ালসমূহক শিশুৰ বাবে পুষ্ট...