November 2, 2026 10:36 AM | PM Modi

printer

ভাৰত মণ্ডপমত আজি প্রধানমন্ত্ৰীৰ ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু এক্সপ’ উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু এক্সপ’ উদ্বোধন কৰিব। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে চাৰিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনৰ বিষয়বস্তু হৈছে- বিনিয়োগ, উদ্ভাৱন, প্ৰেৰণা। সন্মিলনত ১৩০ খনতকৈও অধিক দেশৰ উপৰি ৪০ গৰাকীতকৈও অধিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই সন্মিলনে নিকা শক্তি বিনিয়োগ, প্রযুক্তিগত উদ্ভাৱন আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব প্ৰসাৰৰ অর্থে নীতি নির্মাতা, বিনিয়োগকাৰী, বিত্তীয় প্রতিষ্ঠান তথা ঔদ্যোগিক নেতাসকলক একত্ৰিত কৰিব। অষ্ট্ৰেলিয়া, ডেনমার্ক, ইউৰোপীয় সংঘ, ফ্রান্স, জার্মানী, নেডাৰলেণ্ডছ, ন’ৰৱে, ছুইডেন আৰু ব্ৰিটেইনে সন্মিলনত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰিব । তদুপৰি ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে নৱীকৰণযোগ্য শক্তি সম্ভাৱনা, বিনিয়োগৰ সুযোগ আৰু নির্মাণ সামর্থ্য প্রদর্শন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।