কেন্দ্রীয় মন্ত্রীসভাই প্রধানমন্ত্ৰী মুদ্রা যোজনাৰ অধীনত ক্ষুদ্ৰ গোটৰ বাবে ঋণ নিশ্চয়তা পুঁজি ২০৩১ চনৰ ৩১ মাৰ্চলৈ অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্ৰী মুদ্ৰা আঁচনি আৰম্ভ হোৱাৰে পৰা চলিত বৰ্ষৰ ছেপ্তেম্বৰলৈ ৪৩ লাখ ৩৪ হাজাৰ কোটি টকাতকৈ অধিক ঋণ প্রদানকাৰী প্ৰতিষ্ঠানসমূহে ৬০ কোটি ৩৬ লাখ টকাতকৈ অধিক ঋণত অনুমোদন জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত কালি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৫ হাজাৰ কোটি টকাৰ ব্যয় নিশ্চয়তাৰ বাবে অনুমোদন জনোৱা হৈছে আৰু ইয়াৰ দ্বাৰা ১২ লাখ ৬০ হাজাৰ কোটি টকাৰ মুদ্ৰা ঋণ প্রদান কৰা হ’ব।
মন্ত্রীসভাই লগতে ২০৩১ চনৰ ৩১ মাৰ্চলৈ ষ্টেণ্ডআপ ইণ্ডিয়া আঁচনি অব্যাহত ৰখাত অনুমোদন জনাইছে। এই আঁচনিখনে মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মাজত উদ্যমিতাৰ প্ৰসাৰ ঘটোৱাৰ লগতে আঢ়ৈ লাখ উদ্যোগীক আর্থিক সাহায্য প্ৰদান কৰিব। মন্ত্রী শ্রীবৈষ্ণৱে কয়, যে এই আঁচনিখনে মহিলা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীকসকলক ১০ লাখৰ পৰা ১ কোটি টকাৰ ঋণৰ নিশ্চয়তা প্ৰদান কৰিব। ২০১৬ চনত এই আঁচনি আৰম্ভ কৰাৰে পৰা মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ২ লাখ ৭৫ হাজাৰ উদ্যমীলৈ এই আঁচনিৰ সুবিধা আগবঢ়োৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।
কেন্দ্রীয় মন্ত্রীসভাই ২০২৬-২৭ বৰ্ষৰ ৰবি শস্যৰ বতৰৰ বাবে ফছফৰাছ আৰু প’টাছিয়াম সাৰৰ ৰাজসাহায্যযুক্ত হাৰত অনুমোদন জনাইছে। ইয়াৰ বাবে ২০২৬-২৭ বৰ্ষৰ বাজেটত আনুমানিক ৬২ হাজাৰ ৩৭০ কোটি টকা ধাৰ্য কৰা হ’ব। এই অনুমোদিত ধন ২০২৫-২৬ বৰ্ষৰ ৰবি শস্যৰ বতৰৰ বাজেটৰ তুলনাত আনুমাণিক ২৪ হাজাৰ ৪০০ কোটি টকা অধিক ধাৰ্য কৰা হৈছে ।