২১,৮০০ কোটি টকা ব্যয়সাপেক্ষ পুনে মেট্ৰ’ প্রকল্পৰ এটা অংশ মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ২১ হাজাৰ ৮০০ কোটি টকা ব্যয়সাপেক্ষ পুনে মেট্ৰ’ প্রকল্পৰ এটা অংশ মুকলি কৰাৰ লগতে আন অংশৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিচে অংশগ্ৰহণ কৰে।

এই উপলক্ষে আয়োজিত জনসভাত দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে কয় যে পুনে সদায়ে দেশৰ সমৃদ্ধিশালী চিন্তা-চৰ্চাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে। সম্প্রতি পুনে বিকশিত ভাৰতৰ নতুন দিশ নির্দেশনা দিছে বুলি প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে।

তথ্য প্রযুক্তি, উদ্ভাৱন কাৰিকৰী দিশৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত পুনেই নতুন প্ৰজন্মৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে বুলি প্রধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। আজি মুকলি কৰা এই ব্যৱস্থাই পুনেৰ জনসাধাৰণক যাতায়াতৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।