October 26, 2026 11:02 AM | PM Modi

printer

দেশৰ বেংকিং ব্যৱস্থাক চাইবাৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰাৰ আৱশ্যকতাত প্ৰধানমন্ত্ৰী গুৰুত্ব আৰোপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বেংকিং ব্যৱস্থাক চাইবাৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। ওড়িশাৰ ভূৱনেশ্বৰৰ সমীপৰ জাটনিত কালি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য কেন্দ্ৰ আৰু চাইবাৰ সুৰক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বর্তমান সময়ত অকল পৰম্পৰাগত সমৰ কৌশলেৰেই যুদ্ধ যুঁজা নহয়, বৰং অর্থব্যৱস্থাসমূহকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়।

প্রায় ১৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই তথ্য কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ অর্থনৈতিক তথ্যৰ সুৰক্ষা বৃদ্ধি কৰিব আৰু দেশৰ ডিজিটেল বিত্তীয় আন্তঃগাঁথনি নিৰাপদ কৰি তুলিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।