নতুন দিল্লীৰ সেৱাতীৰ্থত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰযুক্তি আধাৰিত সক্রিয় প্রশাসনক উদগনি যোগোৱাৰ লক্ষ্যৰে গ্ৰহণ কৰা ব্যৱস্থা প্ৰগতিৰ ৫৪ সংখ্যক বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত প্রধানমন্ত্ৰীয়ে ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক সামৰি ১৬ হেজাৰ কোটি টকা ব্যয় সাপেক্ষ ৰে’লৱে, একতা মল আৰু দ্ৰুগ পাৰ্কৰ বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে । জনসাধাৰণৰ কল্যাণ আৰু অৰ্থনৈতিক বিকাশ সাধনৰ লগতে এই প্রকল্পসমূহ সময়মতে ৰূপায়ণ, আন্তঃসংস্থা সহযোগিতা তথা সময়োপযোগী কৰি তোলাৰ দিশতো পৰ্যালোচনা কৰা হয়। প্রধানমন্ত্ৰীয়ে এইক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু মন্ত্ৰীসকলক ক্ষিপ্ৰতাৰে সমস্যাৰ সমাধান, কেন্দ্ৰ আৰু ৰাজ্য তথা বিভিন্ন সংস্থাৰ মাজৰ সহযোগিতা শক্তিশালী কৰি, উচ্চতম পৰ্যায়ৰ নিৰীক্ষণ নিশ্চিত কৰিবলৈও নির্দেশ দিয়ে। প্রধীনমন্ত্রীয়ে লগতে প্রকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰি তোলাৰ বাবে প্ৰতিটো স্তৰত সম্পূৰ্ণ দায়বদ্ধতাৰে সক্ৰিয় কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিব পৰা প্ৰত্যাহ্বানসমূহৰ চিনাক্ত কৰা, সময়োপযোগী সিদ্ধান্ত গ্ৰহণ আৰু স্পষ্ট জবাবদিহিতা সন্দৰ্ভত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে ।
Assamese | October 29, 2026 12:39 PM | PM Modi
প্রযুক্তি আধাৰিত সক্রিয় প্রশাসনক উদগনি যোগোৱাৰ লক্ষ্যৰে গ্ৰহণ কৰা ব্যৱস্থা প্ৰগতিৰ ৫৪ সংখ্যক বৈঠকত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতা