ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মীসকললৈ প্রধানমন্ত্ৰী মোদীৰ সংঘৰ ১০১ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মীসকললৈ সংঘৰ ১০১ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে আৰ এছ এছ এ দেশৰ প্ৰতি সেৱা, ৰাষ্ট্ৰ নিৰ্মাণ আৰু সামাজিক সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টিৰ যাত্ৰাত ১০০ বছৰ অতিক্ৰম কৰিলে। তেওঁ কয়, যে সংগঠনটোৰ কৰ্মীসকলে গভীৰ কৰ্তব্যবোধ আৰু ৰাষ্ট্ৰ প্ৰথম এই মনোভাবেৰে সমাজৰ বাবে কাম কৰি আছে। প্রধানমন্ত্রী শ্রী মোদীয়ে আশা প্রকাশ কৰে যে সংঘৰ কৰ্মীসকলৰ এই মনোভাবে আগন্তুক দিনসমূহতো ৰাষ্ট্ৰীয় উন্নয়নক অধিক শক্তিশালী কৰি তুলিব।

ইফালে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, যে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মীসকলে ৰাষ্ট্ৰ প্ৰথম মনোভাব আৰু অটল প্ৰতিশ্ৰুতিবদ্ধতাৰে মাতৃভূমি ভাৰতৰ সেৱাত নিয়োজিত হৈ আছে। তেওঁ লগতে কয়, যে সমগ্ৰ দেশতে সংঘৰ কৰ্মীসকলে গ্ৰহণ কৰা সেৱামূলক পদক্ষেপসমূহে এখন শক্তিশালী, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ সংকল্পক অধিক দৃঢ় কৰি আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।