October 20, 2026 4:42 PM

views 3

পশ্চিমৰ পৰা অহা এটা টোৱে ভাৰতৰ শালিনতা, সৌজন্যবোধ, সংস্কৃতি আৰু মানৱীয় মূল্যবোধক ধংস কৰিবলৈ চেষ্টা কৰিছেঃ ড০ মোহন ভগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰধান ড০ মোহন ভগৱতে আজি কয়, যে পশ্চিমৰ পৰা অহা এটা টোৱে ভাৰতৰ শালিনতা, সৌজন্যবোধ, সংস্কৃতি আৰু মানৱীয় মূল্যবোধক ধংস কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয়, যে তথাকথিত উন্নত দেশসমূহেও এই ঢৌৰ প্ৰভাবৰ সন্মুখীন হৈছে আৰু অসহায় অনুভৱ কৰিছে। আজি পুৱা নাগপুৰৰ ৰেচিমবাগ খেলপথাৰত আৰ এছ এছৰ বাৰ্ষিক বিজয় দশমী উৎসৱৰ কাৰ্যসূচীত ভাষণ দি ড০ ভগৱতে কয়, যে দেশখনক ধংস কৰিবলৈ চেষ্টা কৰা শক্তিসমূহে পৰিকল্পিত কৌশলেৰে কাম কৰি আছে। তেওঁ সতৰ্ক কৰি দি কয়, যে শাসন পৰিৱৰ্তনৰ বাবে কৰা আন্দোলনে মৌলিক ...

October 20, 2026 4:27 PM

views 2

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মীসকললৈ প্রধানমন্ত্ৰী মোদীৰ সংঘৰ ১০১ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মীসকললৈ সংঘৰ ১০১ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে আৰ এছ এছ এ দেশৰ প্ৰতি সেৱা, ৰাষ্ট্ৰ নিৰ্মাণ আৰু সামাজিক সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টিৰ যাত্ৰাত ১০০ বছৰ অতিক্ৰম কৰিলে। তেওঁ কয়, যে সংগঠনটোৰ কৰ্মীসকলে গভীৰ কৰ্তব্যবোধ আৰু ৰাষ্ট্ৰ প্ৰথম এই মনোভাবেৰে সমাজৰ বাবে কাম কৰি আছে। প্রধানমন্ত্রী শ্রী মোদীয়ে আশা প্রকাশ কৰে যে সংঘৰ কৰ্মীসকলৰ এই মনোভাবে আগন্তুক দিনসমূহতো ৰাষ্ট্ৰী...

October 2, 2025 7:06 PM

views 64

‘‘আনৰ ওপৰত নিৰ্ভৰশীলতাই যাতে দেশক বাধাগ্ৰস্ত নকৰে আৰু নিজৰ মতে কাম কৰিবলৈ দেশক সমৰ্থ কৰি তোলে’’-ড° মোহন ভাগৱত

● ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, আৰ এছ এছৰ সংঘচালক ড° মোহন ভাগৱতে আজি কয়, যে ভাৰত আত্মনিৰ্ভৰ আৰু বিশ্ব সংহতিৰ দূত হ'বলৈ হ'লে দেশখনে নিশ্চিত কৰিব লাগিব যে আনৰ ওপৰত নিৰ্ভৰশীলতাই যাতে দেশক বাধাগ্ৰস্ত নকৰে আৰু নিজৰ মতে কাম কৰিবলৈ দেশক সমৰ্থ কৰি তোলে। স্বদেশী আৰু স্বাৱলম্বনৰ বিকল্প নাই বুলি উল্লেখ কৰি শ্রীভাগৱতে কয়, যে একেসময়তে দেশৱাসীয়ে আন্তর্জাতিক আৰু বাণিজ্য সম্পর্ক অটুত ৰাখিব লাগিব, কাৰণ কোনো দেশেই অকলশৰীয়াকৈ থাকিব নোৱাৰে । আৰ এছ এছৰ শতবৰ্ষ উদযাপন আৰু বিজয়া দশমী উৎসৱত অংশগ্ৰহণ কৰি ড° ভাগৱতে এই...

October 1, 2025 9:05 PM

views 137

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছে জন্মলগ্নৰে পৰা দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সেৱা আগবঢ়াই আহিছেঃ প্ৰধানমন্ত্ৰী

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছে জন্মলগ্নৰে পৰা দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সেৱা আগবঢ়াই আহিছে। নতুন দিল্লীত আজি আৰ এছ এছৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে। দেশ বিভাজনৰ বিভীষিকাৰ সময়ত স্থানচ্যুত লাখ লাখ পৰিয়ালক সীমিত সম্পদেৰে আৰ এছ এছে বিভিন্ন ধৰণে সেৱা আগবঢ়াইছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে দেশক শক্তিশালী কৰাৰ বাবে আৰ এছ এছে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই ১০০ বছৰীয়া যাত্ৰাত আৰ এছ এছে সমাজৰ বিভিন্ন শ্ৰেণ...

October 1, 2025 5:06 PM

views 86

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই জন্মলগ্নৰে পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে

● ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই জন্মলগ্নৰে পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, আৰ এছ এছৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্রহণ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। শতবৰ্ষ অনুষ্ঠানত আৰ এছ এছৰ ইতিহাস, সাংস্কৃতিক অৱদান আৰু দেশৰ অখণ্ডতা ৰক্ষাত সংগঠনটোৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰা হৈছে। সমবেতসকলক উদ্দেশ্যি প্রধানমন্ত্রী মোদীয়ে কয়, যে ১০০ বছৰ পূৰ্বৰ আজিৰ এই মহান দিনটোত আৰ এছ এছ গঠন কৰাটো কেৱল দায়িত্ববোধেই নাছি...