পশ্চিমৰ পৰা অহা এটা টোৱে ভাৰতৰ শালিনতা, সৌজন্যবোধ, সংস্কৃতি আৰু মানৱীয় মূল্যবোধক ধংস কৰিবলৈ চেষ্টা কৰিছেঃ ড০ মোহন ভগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰধান ড০ মোহন ভগৱতে আজি কয়, যে পশ্চিমৰ পৰা অহা এটা টোৱে ভাৰতৰ শালিনতা, সৌজন্যবোধ, সংস্কৃতি আৰু মানৱীয় মূল্যবোধক ধংস কৰিবলৈ চেষ্টা কৰিছে।

তেওঁ কয়, যে তথাকথিত উন্নত দেশসমূহেও এই ঢৌৰ প্ৰভাবৰ সন্মুখীন হৈছে আৰু অসহায় অনুভৱ কৰিছে। আজি পুৱা নাগপুৰৰ ৰেচিমবাগ খেলপথাৰত আৰ এছ এছৰ বাৰ্ষিক বিজয় দশমী উৎসৱৰ কাৰ্যসূচীত ভাষণ দি ড০ ভগৱতে কয়, যে দেশখনক ধংস কৰিবলৈ চেষ্টা কৰা শক্তিসমূহে পৰিকল্পিত কৌশলেৰে কাম কৰি আছে।

তেওঁ সতৰ্ক কৰি দি কয়, যে শাসন পৰিৱৰ্তনৰ বাবে কৰা আন্দোলনে মৌলিক সমস্যাসমূহৰ সমাধান নকৰে। তেওঁ লগতে কয়, যে প্রতিবাদে ৰাজনৈতিক স্বাৰ্থ আৰু সমাজত বিভাজন সৃষ্টি কৰাৰ আহিলা হৈ পৰিছে। যাৰ ফলত প্ৰকৃত সমাধানৰ পৰিৱৰ্তে সমাজত বিভেদ আহিছে।

শেহতীয়াকৈ হোৱা জন আন্দোলনৰ কথা উল্লেখ কৰি ড০ ভগৱতে কয়, যে সমাজ আৰু দেশৰ কামকাজ সুচাৰুৰূপে চলি থকাত অৱদান আগবঢ়োৱাটো প্ৰতিজন লোকৰ দায়িত্ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।