ভাৰত গোলকীয় ক্রীড়া মহাশক্তিৰূপে পৰিগণিত হ’বলৈ ওলাইছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি জাপান এছিয়ান গেমছ ২০২৬ত অংশগ্রহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ সৈতে মত-বিনিময় কৰি প্রধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকলে তিৰংগাৰ মান বৃদ্ধি কৰিছে। দেশৰ ১৪০ কোটি জনসাধাৰণলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে খেলুৱৈসকলক ভূয়সী প্রশংসা কৰি শ্ৰীমোদীয়ে কয় যে ৰাষ্ট্ৰীয় পতাকাৰ সন্মান আৰু সুনাম বৃদ্ধি কৰাই প্ৰকৃত সাফল্য। প্রধানমন্ত্ৰীয়ে এই সমূহীয়া ৰাষ্ট্ৰীয় সাফল্যৰ বাবে খেলুৱৈ, প্ৰশিক্ষক, সহযোগী কৰ্মী আৰু পৰিয়ালবৰ্গক অভিনন্দন জ্ঞাপন কৰে।
সদ্যসমাপ্ত এছিয়ান গেমছত লাভ কৰা ঐতিহাসিক সাফল্যৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে পুৰুষ আৰু মহিলা হকী দলে স্বর্ণপদক অৰ্জন কৰাৰ বাবে খেলুৱৈসকলক ভূয়সী প্রশংসা কৰে। তেওঁ কয় যে মহিলা হকী দলে ৪৪ বছৰৰ পাছত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। তেওঁ লগতে ক্ৰিকেট আৰু কাবাড়ীত সোণৰ পদক লাভ কৰাৰ বাবেও খেলুৱৈসকলক ভূয়সী প্রশংসা কৰে। তেওঁ লগতে আৰ্চাৰীত পাঁচটা সোণৰ পদক লাভ কৰা, শুটিং, বক্সিং আৰু মল্লযুদ্ধত আগবঢ়োৱা অভূতপূর্ব প্রদর্শন, এথলেটিকছত নতুন অভিলেখ, ভাৰোত্তোলনত ২৮ বছৰৰ পাছত পদক অৰ্জন আৰু ১৯৮২ চনৰ পাছত মাৰাথনত প্ৰথমবাৰৰ বাবে লাভ কৰা সাফল্যৰ শলাগ লয়।
অনুষ্ঠানত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মণ্ডাভিয়া, ৰাজ্য মন্ত্ৰী ৰক্ষা খড়ছে আৰু ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি ঊষা উপস্থিত থাকে। উল্লেখযোগ্য যে ভাৰতে এইবাৰৰ এছিয়ান গেমছত ২১টা সোণ, ২৭টা ৰূপ আৰু ৩৭টা ব্ৰঞ্জসহ মুঠ ৮৫টা পদক লাভ কৰি প্ৰতিযোগিতাৰ তালিকাত চতুর্থ স্থান লাভ কৰে।