October 27, 2026 12:42 PM | PM Modi

printer

ভাৰত মণ্ডপমত আজি প্রধানমন্ত্ৰীৰ এষ্টি’ক ২০২৬ উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন এষ্টি’ক ২০২৬ উদ্বোধন কৰিব। এই উপলক্ষে শ্রী মোদীয়ে এখন সভাতো ভাষণ দিব। তিনিদিনীয়া এই সন্মিলনখনে উদীয়মান প্রযুক্তি আৰু ভাৰতৰ বিজ্ঞান, প্রযুক্তি তথা উদ্ভাৱনৰ অগ্ৰাধিকাৰসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে আগশাৰীৰ বিজ্ঞানী, গৱেষক, শিক্ষাবিদ, নীতি নিৰ্ধাৰক, উদ্যোগপতি, ষ্টার্টআপ আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলক এখন মঞ্চ প্ৰদান কৰিব।

সন্মিলনত কৃত্রিম বুদ্ধিমত্তা, জৈৱ প্ৰযুক্তি, উন্নত সামগ্ৰী, উৎপাদন, স্বাস্থ্যসেৱা, শক্তি, জলবায়ু আৰু মহাসাগৰীয় বিজ্ঞানকে ধৰি ১২ টা বিষয়ত আলোচনা অনুষ্ঠিত হ’ব। এই সন্মিলনত দেশৰ থলুৱা বৈজ্ঞানিক সাফল্য আৰু উদীয়মান প্ৰযুক্তি প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। বৈজ্ঞানিক বিকাশ আৰু ইয়াৰ বাস্তৱিক প্ৰয়োগৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰিবলৈ সন্মিলনখনত বিষয়ভিত্তিক ভিডিঅ’, প্রযুক্তি প্ৰদৰ্শন, তথ্যচিত্ৰ, আৰু বৰ্ধিত তথা ভার্চুৱেল ৰিয়েলিটিৰ অভিজ্ঞতাও এই সন্মিলনত ব্যৱহাৰ কৰা হ’ব। তিনিদিনীয়া এই সন্মিলনে আন্তঃৰাষ্ট্ৰীয় গৱেষণা অংশীদাৰিত্ব, উদ্যোগ আৰু শিক্ষানুষ্ঠানৰ সহযোগিতাৰ লগতে পৰীক্ষাগাৰৰ পৰা বজাৰলৈ উদ্ভাৱনসমূহ ৰূপান্তৰিত কৰাৰ বিভিন্ন পথ অন্বেষণ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।