কেপ্তেইন স্মিত মাছছাৰসহ ফ্লাইডুৱাইৰ কৰ্মচাৰীক প্ৰথম শ্ৰেণীৰ ‘অৰ্ডাৰ অৱ জায়েদ টু’ সন্মান প্রদান

সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহয়ানে কেপ্তেইন স্মিত মাছছাৰসহ ফ্লাইডুৱাইৰ কৰ্মচাৰীসকলক প্ৰথম শ্ৰেণীৰ ‘অৰ্ডাৰ অৱ জায়েদ টু’ সন্মান প্রদান কৰিছে। উল্লেখযোগ্য যে, যোৱা ৩০ ছেপ্টেম্বৰত ডুবাইৰ পৰা তেল আভিভলৈ যাত্ৰা কৰা FZ1073 নম্বৰৰ বিমানখনত হোৱা এটা দুর্ঘটনাৰ সময়ত যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্রত দেখুওৱা সাহসী পদক্ষেপৰ স্বীকৃতি স্বৰূপে তেওঁলোকক দেশখনৰ সৰ্বোচ্চ অসামৰিক বটাসমূহৰ অন্যতম এই সন্মান প্রদান কৰা হৈছে।

ইউ.এ.ই.ৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উপ-ৰাষ্ট্ৰপতি তথা প্রধানমন্ত্রী শেখ মহম্মদ বিন ৰছিদ আল মাকতুমৰ উপস্থিতিত কৰ্মচাৰী দলটোক সাক্ষাৎ কৰে। নেতাদুগৰাকীয়ে যাত্ৰীসকলৰ সুৰক্ষা আৰু বিমানখন সুৰক্ষিত ভাবে অৱতৰণ কৰাৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সাহসক প্রশংসা কৰি কয় যে জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাটো দেশখনৰ বাবে সর্বোচ্চ অগ্ৰাধিকাৰ।

কৰ্মচাৰীসকলে ইউ.এ.ই.ৰ ৰাষ্ট্ৰপতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু এই সন্মান লাভ কৰি গৌৰৱ অনুভৱ কৰে, বুলি প্রকাশ কৰে, যিয়ে তেওঁলোকৰ সেৱা, সমর্পণ আৰু প্ৰতিশ্ৰুতিৰ স্বীকৃতি প্রতিফলিত কৰে। ইউ.এ.ই.ৰ উপ-প্রধানমন্ত্রী তথা প্ৰতিৰক্ষা মন্ত্রী শ্বেখ হামদান বিন মহম্মদ বিন ৰাছিদ আল মাকতুমে এই সন্মানসমূহ প্ৰদান কৰি কৰ্মচাৰীসকলৰ কর্মদক্ষতা আৰু দায়িত্ববোধৰ প্ৰশংসা কৰে।