September 29, 2026 4:41 PM
2
এছিয়ান গেমছ ২০২৬ ত মহিলাৰ ট্ৰেপ দলত ৰূপৰ পদক লাভ কৰা নিৰু ধাণ্ডা, অসীমা আহলাওৱাৰ্ট আৰু মণিষা কিৰলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ অভিনন্দন
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এছিয়ান গেমছ ২০২৬ ত মহিলাৰ ট্ৰেপ দলত ৰূপৰ পদক লাভ কৰা নিৰু ধাণ্ডা, অসীমা আহলাওৱাৰ্ট আৰু মণিষা কিৰলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমতী মুৰ্মুৱে কয় যে তেওঁলোকৰ স্থিৰ লক্ষ্য আৰু কঠোৰ অনুশীলনে এই প্রতিযোগিতাত সফল হোৱাত সহায় কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে খেলুৱৈসকলক এই জয়ৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ বাবে অভিনন্দন জনাইছে।