October 3, 2026 6:35 PM

views 14

এছিয়ান গেমছত মহিলাৰ ৰিকাৰ্ভ শাখাৰ একক শিতানত সোণৰ পদক লাভ কৰা কুমকুম অনিল মহদক ৰাষ্ট্ৰপতি মুৰ্মুৰ অভিনন্দন

এছিয়ান গেমছত মহিলাৰ ৰিকাৰ্ভ শাখাৰ একক শিতানত সোণৰ পদক লাভ কৰা কুমকুম অনিল মহদক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অভিনন্দন জ্ঞাপন কৰিছে। ৰিকাৰ্ভ শাখাৰ একক শিতানত সোণৰ পদক লাভ কৰা কুমকুম দেশৰ প্ৰথমগৰাকী মহিলা। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কুমকুম অনিল মহদে এছিয়ান গেমছত দলীয় শিতানত আৰু দুটা পদক অৰ্জনেৰে ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়াইছে। খেলুৱৈগৰাকীৰ এই কৃতিত্বই যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।

October 2, 2026 11:41 AM

views 15

গান্ধী জয়ন্তী উপলক্ষে শান্তি আৰু অহিংসাৰ বাৰ্তাবাহক মহাত্মা গান্ধীক ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ সোঁৱৰণ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সুঁৱৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে বিশ্বৰ বিভিন্ন অংশত অব্যাহত থকা যুদ্ধ আৰু সংঘৰ্ষৰ বৰ্তমানৰ পৰিস্থিতিত মহাত্মা গান্ধীৰ শান্তি আৰু অহিংসাৰ বাৰ্তা অধিক প্রাসঙ্গিক হৈ উঠিছে। তেওঁ কয় যে, বিশ্ব সম্প্রদায়ে গান্ধীৰ জীৱন আৰু আদৰ্শৰাজিৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰি আহিছে। ভাৰতবৰ্ষই ২০৪৭ চনৰ ভিতৰত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰি শ্রীম...

September 29, 2026 4:41 PM

views 15

এছিয়ান গেমছ ২০২৬ ত মহিলাৰ ট্ৰেপ দলত ৰূপৰ পদক লাভ কৰা নিৰু ধাণ্ডা, অসীমা আহলাওৱাৰ্ট আৰু মণিষা কিৰলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এছিয়ান গেমছ ২০২৬ ত মহিলাৰ ট্ৰেপ দলত ৰূপৰ পদক লাভ কৰা নিৰু ধাণ্ডা, অসীমা আহলাওৱাৰ্ট আৰু মণিষা কিৰলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমতী মুৰ্মুৱে কয় যে তেওঁলোকৰ স্থিৰ লক্ষ্য আৰু কঠোৰ অনুশীলনে এই প্রতিযোগিতাত সফল হোৱাত সহায় কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে খেলুৱৈসকলক এই জয়ৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ বাবে অভিনন্দন জনাইছে।

September 22, 2026 8:50 PM

views 17

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গুজৰাটৰ একতা নগৰত আজি সন্ধিয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্ৰদান কৰে। এই বঁটাসমূহে দেশৰ শ্ৰেষ্ঠ চলচ্চিত্র, বিভিন্ন শিতানত কলা আৰু কাৰিকৰী উৎকর্ষতাক প্রতিফলিত কৰিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বঁটা লাভ কৰাসকলক অভিনন্দন জ্ঞাপন কৰে। ২০২৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী অনন্ত নাগক পাঁচ দশক ধৰি চলচ্চিত্ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বিভিন্ন অৱদানৰ বাবে শ্রীবৈষ্ণৱে শলাগ লয়। তেওঁ কয় যে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ পৰ...

September 12, 2026 4:45 PM

views 13

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক ৰাষ্ট্ৰপতি মুৰ্মুৰ সাক্ষাৎ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক সাক্ষাৎ কৰে। ব্ৰীকচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে সম্প্ৰতি নতুন দিল্লীত থকা ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আলোচনাকালত দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া ঘটনাক্ৰমক লৈ মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত আলোচনা আৰু কূটনীতিৰ মাজেৰে সকলো বিষয় নিস্পত্তি কৰা উচিত বুলি ভাৰতে অবিৰতভাৱে গ্ৰহণ কৰি অহা স্থিতিৰ বিষয়ে দোহাৰে। তেওঁ লগতে অ...

August 19, 2026 8:24 PM

views 32

প্রযুক্তি, সংবাদমাধ্যম, অর্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি- নির্দেশনাসমূহ দ্রুতগতিত পৰিৱৰ্তিত হৈছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে প্রযুক্তি, সংবাদমাধ্যম, অর্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি- নির্দেশনাসমূহ দ্রুতগতিত পৰিৱৰ্তিত হৈছে। ভাৰতীয় তথ্যসেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎকাৰৰ সময়ত তেওঁ এই কথা সদৰি কৰে। এই সন্দৰ্ভত বিষয়াসকলক নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰা আৰু আচাৰ ব্যৱহাৰত দয়া আৰু সততা বৰ্তাই ৰখাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ হ'বলৈ পৰামৰ্শ প্ৰদান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনসাধাৰণক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বিষয়াসকলক ন্যস্ত কৰ...

August 14, 2026 9:58 AM

views 46

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া ৭ বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব । দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব।  হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্রসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা ৯.৩০ বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।

August 13, 2026 5:42 PM

views 27

১১৫ গৰাকী শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত ১১৫ গৰাকী শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰিব। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে ২০২৪ বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে ২০২৫ বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কন্দলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰজ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়...

August 13, 2026 11:47 AM

views 37

ৰাষ্ট্ৰপতি মুৰ্মুৱে ১১৫ গৰাকী শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশিপ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কিছু সময়ৰ পাছতে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত ১১৫ গৰাকী শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশিপ প্ৰদান কৰিব। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে ২০২৪ বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে ২০২৫ বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কন্দলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰজ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰি...

August 11, 2026 1:41 PM

views 15

নামনি মাজুলীৰ কৰতিপাৰৰ বিশিষ্ট শিপিনী ৰীতি দলেৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ 

নামনি মাজুলীৰ কৰতিপাৰৰ বিশিষ্ট শিপিনী ৰীতি দলেই ২০২৫ চনৰ বাবে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ কৰিছে। যোৱা ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ পৰা ৰাষ্ট্ৰীয় বস্ত্ৰ শিল্প বঁটা ২০২৫ গ্ৰহণ কৰি কালি মাজুলীত উপস্থিত হোৱাৰ লগে লগে শিপিনীগৰাকীক কমলাবাৰী ফেৰী ঘাটত হস্ততাঁত বস্ত্রশিল্প বিভাগ, মাজুলী খণ্ড উন্নয়ন বিষয়াকে ধৰি কেইবাটাও দল-সংগঠন তথা গাঁওবাসীয়ে আদৰণি জনায়। কৰতিপাৰ মহৰি চুকতো ঢোল-ডগৰে ফুল-গামোচা পিন্ধাই শিপিনীগৰাকীক আদৰণি জনোৱা হয়।