এছিয়ান গেমছত মহিলাৰ ৰিকাৰ্ভ শাখাৰ একক শিতানত সোণৰ পদক লাভ কৰা কুমকুম অনিল মহদক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অভিনন্দন জ্ঞাপন কৰিছে। ৰিকাৰ্ভ শাখাৰ একক শিতানত সোণৰ পদক লাভ কৰা কুমকুম দেশৰ প্ৰথমগৰাকী মহিলা।
সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কুমকুম অনিল মহদে এছিয়ান গেমছত দলীয় শিতানত আৰু দুটা পদক অৰ্জনেৰে ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়াইছে।
খেলুৱৈগৰাকীৰ এই কৃতিত্বই যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।