October 24, 2026 11:53 AM | Rajnath Singh Meeting

printer

সেনাধক্ষ্যসকলক ভৱিষ্যৎ প্রত্যাহ্বানৰ মোকাবিলাৰ বাবে প্রস্তুত হ’বলৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ আহ্বান

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনাধক্ষ্যসকলক ভু-ৰাজনৈতিক পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ লগতে আঞ্চলিক পৰিস্থিতি আৰু ভৱিষ্যৎ প্রত্যাহ্বানৰ মোকাবিলাৰ বাবে প্রস্তুত হ’বলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি সেনাধক্ষ্যসকলৰ সন্মিলনত অংশ লৈ শ্রী সিঙে অনাগত ২০-৩০ বছৰৰ বাবে দীর্ঘকালীন কৌশলগত লক্ষ্য নির্ধাৰণৰ প্রয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতীয় সেনাৰ জ্যেষ্ঠ নেতৃত্বক তাৎক্ষণিক আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ প্রতি সঁহাৰি জনাবলৈ সমানেই প্রস্তুত হৈ থাকিবলৈ আহ্বান জনায়। পৰিৱৰ্তিত পৰিস্থিতিৰ সময়মতে সালসলনি কৰিব পৰাকৈ কৌশলসমূহ গতিশীল আৰু নমনীয় হোৱাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

বিকশিত কার্যকৰী প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাই লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সশস্ত্র বাহিনীক প্রশংসা কৰে। তেওঁ কয়, যে অপাৰেচন সিন্দুৰে উদ্ভাৱনী চিন্তা, বর্ধিত সহযোগিতা আৰু উচ্চ মানৰ সমন্বয় প্ৰদৰ্শন কৰিছে। ভাৰতে জাতীয় স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ কুণ্ঠাবোধ নকৰে বুলি এটা বার্তা এই অভিযানে বিশ্ববাসীলৈ প্ৰেৰণ কৰে। তেওঁ কয়, যে ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদনে এক লাখ ৭৮ হাজাৰ কোটি টকাৰ অভিলেখ সৃষ্টি কৰিছে। একেদৰে প্ৰতিৰক্ষা ৰপ্তানিয়ে সর্বকালৰ সৰ্বোচ্চ পর্যায় প্রায় ৩৮ হাজাৰ কোটি টকা স্পৰ্শ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ এখন জার্নাল উন্মোচন কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী হিচাপে সেৱা আগবঢ়োৱাৰ সময়ত ভাৰতীয় সেনাৰ জোৱানসকলক তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বাবে সম্বর্ধনা জনায়।