সমাজৰ আৰ্থিকভাৱে দুৰ্বল আৰু প্ৰয়োজনীয় চিকিৎসা সেৱাৰ পৰা বঞ্চিত শিশুসকলক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যে বিশ্বনাথ জিলাৰ চান্দামাৰীত কালিৰেপৰা ইন্দো-অষ্ট্ৰিয়ান শিশু স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈছে। ৰাজ্যৰ কেইবাগৰাকী চিকিৎসকৰ উপৰি অষ্ট্ৰিয়াৰ অভিজ্ঞ শিশু বিশেষজ্ঞসকলে শিশুসকলক আধুনিক চিকিৎসা প্রদান কৰিছে। তদুপৰি চিকিৎসা ক্ষেত্ৰত পৰামৰ্শ আৰু বিধান দিয়া, পুষ্টিকৰ পৰিপূৰক যোগানৰ ব্যৱস্থা কৰা হৈছে। প্রবাসী ভাৰতীয়ই যশোৱন্ত মহন্তৰ বিশেষ উদ্যোগত আয়োজন কৰা এই স্বাস্থ্য শিবিৰৰ উদ্বোধনী অনুষ্ঠানত গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত থাকে। এই শিবিৰতে কালি ২০ টি বিশেষভাবে সক্ষম শিশু আৰু কিশোৰক হুইল চেয়াৰ প্ৰদান কৰা হয়।
Assamese | October 24, 2026 12:44 PM | Health camp
বিশ্বনাথৰ চান্দামাৰীত কালিৰেপৰা ইন্দো-অষ্ট্ৰিয়ান শিশু স্বাস্থ্য শিবিৰ