মহিলা ক্রিকেটত ভাৰতে জিম্বাবৱেক ৯ উইকেটত পৰাস্ত কৰি তিনিখনীয়া এদিনীয়া শৃংখলাত ১-০ৰ অগ্রগতি লাভ কৰিছে। কালি নিশা বদোদৰাত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে ১৯৮ ৰানৰ লক্ষ্য মাত্র ২৭ অভাৰ এটা বলতে অতিক্ৰম কৰে।
ভাৰতৰ হৈ প্ৰতিকা ৰাৱালে ৯৬টা বলত অপৰাজিত ১০০ ৰান সংগ্ৰহ কৰি নিজৰ এদিনীয়া কেৰিয়াৰৰ তৃতীয়টো শতক অর্জন কৰে। মেচখনত উৎকৃষ্ট বলিঙেৰে শ্ৰী চৰণীয়ে ২৩ ৰানত ৪টা উইকেট দখল কৰে। ক্রান্তি গৌড়ে তিনিটা আৰু দীপ্তি শর্মাই দুটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে জিম্বাবৱেই ৪৯ অভাৰ ৫ টা বলত ১৯৭ ৰান সংগ্ৰহ কৰিছিল। দলটোৰ হৈ বিঝাই সর্বাধিক ৬২ ৰান কৰে।