June 12, 2026 6:06 PM

views 11

আই আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দশম সংস্কৰণৰ খেলসমূহ আজিৰে পৰা অনুষ্ঠিত হ’ব

আই আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দশম সংস্কৰণৰ খেলসমূহ আজিৰ পৰা অনুষ্ঠিত হ'ব। বার্মিংহামৰ এজবাষ্টনত হ'বলগীয়া উদ্বোধনী খেলত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইংলেণ্ড আৰু ৱেলছত মাহজুৰি হ'বলগীয়া এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন ৫ জুলাইত লৰ্ডছ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় মহিলা দলটোৱে অহা দেওৱাৰে নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটোক হৰমন প্রীত কৌৰে নেতৃত্ব দিয়ে।

December 29, 2025 11:57 AM

views 45

মহিলা টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত ভাৰতে, শ্রীলংকাক ৩০ ৰানত পৰাস্ত

● ত্ৰিৰৱনন্তপুৰমত অনুষ্ঠিত মহিলা টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত যোৱানিশা ভাৰতে, শ্রীলংকাক ৩০ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেট হেৰুৱাই শ্রীলংকাক ২২২ ৰানত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ স্মৃতি মান্ধানাই ৮০ আৰু শেফালি বাৰ্মাই ৭৯ ৰান কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৯১ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ চামাৰী আথাপটুৱে ৫২ ৰান কৰে। ভাৰতৰ অৰুন্ধতী ৰেড্ডী আৰু বৈষ্ণৱী শৰ্মাই দুটাকৈ উইকেট দখল কৰাৰ লগতে এন ছৰনীয়ে...

October 1, 2025 9:31 PM

views 55

মহিলা বিশ্বকাপত ইন্দোৰত অনুষ্ঠিত এখন খেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ইন্দোৰত অনুষ্ঠিত এখন খেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিউজিলেণ্ডক জয়ৰ বাবে ৩২৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৪৯ অভাৰ ৩টা আটাইকেইটা উইকেট হেৰুৱাই ৩২৬ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ এছলে গার্ডনাৰে সৰ্বাধিক ১১৫ ৰান কৰে। নিউজিলেণ্ডৰ লীয়া টাহুহু আৰু জেছ কেৰে ৩টাকৈ আৰু ব্ৰিয়াৰনে ইলিং আৰু এমিলিয়া কেৰে দুটাকৈ উইকেট লাভ কৰে।

July 1, 2025 7:57 PM

views 53

ভাৰত-ইংলেণ্ডৰ মহিলা দলৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল

ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত চলি থকা পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ব্ৰিষ্টলৰ কাউন্টি খেলপথাৰত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা এঘাৰ বজাত আৰম্ভ হ'ব। নটিংহামৰ ট্ৰেণ্ট ব্ৰীজত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক ৯৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ইতিমধ্যে ১-০ অগ্রগতি লাভ কৰিছে। খেলখনত স্মৃতি মান্ধানাই টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত নিজৰ প্ৰথমটো শতক অৰ্জন কৰিছিল। ইয়াৰ সুবাদত খেলুৱৈগৰাকীয়ে টেষ্ট, এদিনীয়া আৰু টি-২০- এই আটাইকেইটা সংস্কৰণতে শতক অৰ্জন কৰা ভাৰতৰ প্...

January 27, 2025 3:13 PM

views 57

১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত ভাৰত ছেমি ফাইনেলত প্ৰৱেশ

কুৱালালামপুৰৰ বায়ুৱেমাছ অ’ভেল ষ্টেডিয়ামত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত কালি ভাৰতে বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। টছত জিকি ভাৰতে প্ৰথমে বাংলাদেশক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। বেটিং আৰম্ভ কৰি বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ৬৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অধিনায়ক ছুমাইয়া আখতেৰে সৰ্বাধিক ২১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ভাৰতৰ হৈ বৈষ্ণৱী শৰ্মাই ৩টা উইকেট দখল কৰে। ইয়াৰ পিছত ভাৰতে বেটিং আৰম্ভ কৰি মাত্র ৭ অভাৰ এটা বল খেলি নিৰ্ধাৰিত লক্ষ্য...

December 27, 2024 7:13 PM

views 63

আই চি চি চেম্পিয়নশ্বিপ এদিনীয়া ক্রিকেটৰ অন্তিম খেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতীয় মহিলা ক্রিকেট দলে আজি বডোদৰাত অনুষ্ঠিত আই চি চি চেম্পিয়নশ্বিপ এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত দিপ্তী শৰ্মাই বেটে বলে উজ্জীৱিত প্ৰদৰ্শনেৰে ৩-০ ফলাফলত শৃংখলা জয়ত বৰঙণি আগবঢ়ায়। খেলুৱৈগৰাকীয়ে ৬ টা উইকেট দখল কৰে আৰু ৩৯ ৰাণ কৰি আউট নোহোৱাকৈ থাকে । ভাৰতে ১৬৩ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ২৮ অভাৰ ২ টা বলত ৫ টা উইকেট হেৰুৱাই ১৬৭ ৰাণ কৰে। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে প্রথমে বেট ধৰি ৩৮ অভাৰ আৰু ৫ টা বলত আটাইকেইটা হেৰুৱাই ১৬২ ৰাণ সংগ...

October 25, 2024 11:20 AM

views 49

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ হাতত নিউজিলেণ্ড পৰাস্ত

ভাৰতীয় মহিলা ক্রিকেট দলে কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত নিউজিলেণ্ডক ৫৯ ৰানত পৰাস্ত কৰে। নিউজিলেণ্ড ২২৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪০ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ ৰাধা যাদৱে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ছাইমা ঠাকোৰে দুটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৪ অভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২২৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ তেজল হছব...

October 12, 2024 12:06 PM

views 44

মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ খেলত অষ্ট্ৰেলিয়াৰ হাতত পাকিস্তান ৯ উইকেটত পৰাস্ত

যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াই যোৱানিশা ডুবাইত অনুষ্ঠিত মহিলাৰ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাকিস্তানক ৯ উইকেটত পৰাস্ত কৰে। খেলখনত পাকিস্তানে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আৰম্ভণিতেই শ'লঠেকত পৰে আৰু ১৯ অভাৰ আৰু ৫টা বলত মাত্র ৮২ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই। অষ্ট্ৰেলিয়াৰ হৈ এশ্লে গার্ডনাৰে চাৰিটা উইকেট দখলৰ কৰাৰ বিপৰীতে জর্জিয়া ৱেয়ৰহমে দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই মাত্র ১১ অভাৰত এটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। অষ্ট্ৰেলিয়াৰ...

October 9, 2024 6:16 PM

views 54

সন্ধিয়া ৭.৩০ বজাত মহিলাৰ আই চি চি টি-২০ বিশ্বকাপত ভাৰত শ্রীলংকাৰ সন্মুখীন হ’ব

ভাৰত আজি ডুবাইত হ'বলগীয়া মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ নিজৰ তৃতীয়খন খেলত শ্রীলংকাৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। একেটা স্থানত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত স্কটলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি চাৰে তিনি বজাত আৰম্ভ হ'ব।

October 5, 2024 10:02 AM

views 45

মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপত ভাৰত নিউজিলেণ্ডৰ হাতত ৫৮ ৰানত পৰাস্ত

শ্বাৰজাহত অনুষ্ঠিত মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি ভাৰত নিউজিলেণ্ডৰ হাতত ৫৮ ৰানত পৰাস্ত হয়। প্রথমে বেট ধৰি নিউজিলেণ্ডে ৪টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত অভাৰত ১৬১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১৯ অভাৰত মাত্ৰ ১০২ ৰানহে কৰিবলৈ সক্ষম হয়। নিউজিলেণ্ডৰ হৈ ৰোজ মেৰী মেয়ৰে চাৰিটা উইকেট লয়। ছোফি ডিবাইনে সর্বাধিক ৩৬টা বলত ৫৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰেণুকা সিঙে দুটা উইকেট লয়। ভাৰতে অহা ১৩ অক্টোবৰত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব...