ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত চলি থকা পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ব্ৰিষ্টলৰ কাউন্টি খেলপথাৰত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা এঘাৰ বজাত আৰম্ভ হ’ব। নটিংহামৰ ট্ৰেণ্ট ব্ৰীজত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক ৯৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ইতিমধ্যে ১-০ অগ্রগতি লাভ কৰিছে। খেলখনত স্মৃতি মান্ধানাই টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত নিজৰ প্ৰথমটো শতক অৰ্জন কৰিছিল। ইয়াৰ সুবাদত খেলুৱৈগৰাকীয়ে টেষ্ট, এদিনীয়া আৰু টি-২০- এই আটাইকেইটা সংস্কৰণতে শতক অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা ক্রিকেট খেলুৱৈ হিচাপে পৰিগণিত হয়।
Assamese | July 1, 2025 7:57 PM | Women Cricket
ভাৰত-ইংলেণ্ডৰ মহিলা দলৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল