আই আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দশম সংস্কৰণৰ খেলসমূহ আজিৰ পৰা অনুষ্ঠিত হ’ব।
বার্মিংহামৰ এজবাষ্টনত হ’বলগীয়া উদ্বোধনী খেলত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
ইংলেণ্ড আৰু ৱেলছত মাহজুৰি হ’বলগীয়া এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন ৫ জুলাইত লৰ্ডছ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’ব।
ভাৰতীয় মহিলা দলটোৱে অহা দেওৱাৰে নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় দলটোক হৰমন প্রীত কৌৰে নেতৃত্ব দিয়ে।