September 30, 2026 9:24 PM

views 4

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে ৪০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ ৱেষ্ট ইণ্ডিজৰ

গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে ৪০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ৪০৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ আমিৰ জাংগুৱে ১১৪, সাই হোপে ১০৪ আৰু জন-কেম্পবেলে ১০১ ৰান কৰে। ভাৰতে এই বাতৰি যুগুতোৱাৰ পৰলৈকে ৯ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৭৫ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ আগেয়ে টচত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।

September 30, 2026 10:30 AM

views 6

বৰ্ষাপাৰাত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজি বৰ্ষাপাৰাত তিনিখনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব। দিনৰ ২ বজাত খেলখন আৰম্ভ হ'ব। কালি দুয়োটা দলেই অনুশীলনত অংশগ্ৰহণ কৰে। তিৰুৱনন্তপুৰমত অনুষ্ঠিত তিনিখনীয়া মেচৰ প্ৰথমখন খেলত ভাৰতে ৮ উইকেটত জয়লাভ কৰাৰ পাছত আজি হ'বলগীয়া দ্বিতীয়খন খেলত জয়ৰ পুনৰাবৃত্তিৰে ভাৰতীয় দলটোৱে শৃংখলা হস্তগত কৰাৰ চেষ্টা চলাব। প্ৰথমখন এদিনীয়াত বিৰাট কোহলি আৰু শুভমন গিলৰ শতকেৰে বিজয়ী হৈ দলটো আত্মবিশ্বাসী হৈ আছে। একেদৰে প্ৰতিদ্বন্দ্বী ৱেষ্ট ইণ্ডিজ দলটোৱেও বর্ষাপাৰাৰ খেলখনত জ...

September 29, 2026 3:52 PM

views 16

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত কাইলৈ তিনিখনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত কাইলৈ বৰ্ষাপাৰাত হ'বলগীয়া তিনিখনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ বাবে দুয়োটা দলেই আজি অনুশীলনত অংশগ্ৰহণ কৰিব। দুয়োটা দল কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱাৰ পাছত বিমান বন্দৰত বহুসংখ্যক অনুৰাগীয়ে তেওঁলোকক আদৰণি জনায়। আজি দিনৰ ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ ৱেষ্ট ইণ্ডিজে খেলৰ অনুশীলন কৰিব। ভাৰতীয় দলটোৱে ৫.৩০ বজাৰ পৰা ৮.৩০ বজালৈ অনুশীলন কৰিব। তিৰুৱনন্তপুৰমত অনুষ্ঠিত তিনিখনীয়া মেচৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰাৰ পাছত কাইলৈ হ'বলগীয়া দ্বিতীয়খন খেলত জয়ৰ পুনৰাবৃত্তিৰ...

September 22, 2026 6:23 PM

views 12

এছিয়ান গেমছত প্ৰথমটো সোণৰ পদক অৰ্জন

ভাৰতে এইবাৰৰ এছিয়ান গেমছত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। ভাৰতৰ মহিলা ক্রিকেট দলে আজি জাপানৰ নিচিনত অনুষ্ঠিত ফাইনেলত শ্রীলংকাক ১৪৭ ৰানত পৰাভূত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক হস্তগত কৰে। ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই ২১৬ ৰান কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৭৯ ৰান কৰে। আৰ ঘোষে ৪৯ আৰু শ্বেফালী বাৰ্মাই ৪৮ ৰানৰ বৰঙণি আগবঢ়ায়। স্মৃতি মান্ধানাই এই খেলখনত আগবঢ়োৱা সুন্দৰ প্ৰদৰ্শনৰ সুবাদত মহিলা আন্তর্জাতিক ক্ৰিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ ...

September 17, 2026 12:09 PM

views 12

ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি-২০ ক্রিকেট শৃংখলাৰ আজি তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত ২-০ ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে ২২ টা বলত ৫৭ ৰান কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে ।

September 16, 2026 12:11 PM

views 29

অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত টী-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়

নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টী-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি নিশা ভাৰতে আফগানিস্তানক ৭ উইকেটত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলাত অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে। ১৬০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ১৪ অভাৰ ৫টা বলত ৩টা উইকেট হেৰুৱাই ১৬৩ ৰান সংগ্ৰহ কৰে। সঞ্জ চেমছনে ২২টা বলত সৰ্বাধিক ৫৭ ৰান কৰে আৰু অভিষেক শর্মাই ১৯টা বলত ৩৯ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে বেট ধৰি আফগানিস্তানে নির্দিষ্ট ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৯ ৰান সংগ্ৰহ কৰিছিল। দলটোৰ অধিনায...

September 15, 2026 12:38 PM

views 21

অৰুণ জেটলী ষ্টেডিয়ামত আজি ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত

ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি-২০ ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। দেওবাৰে অনুষ্ঠিত ৩ খনীয়া শৃংখলাটোৰ প্ৰথমখন খেলত ভাৰতে ৭ উইকেটত জয়লাভ কৰি ১-০ৰ অগ্ৰগতি লাভ কৰিছে। আফগানিস্তানে বান্ধি দিয়া ১৫৭ ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে অভিষেক শৰ্মাৰ ৩২ টা বলত ৮২ ৰান আৰু ইশান কিষাণৰ ৪২ ৰানৰ সহায়ত ১৩ অভাৰ ৪ টা বলতে ৩ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। শৃংখলাটোৰ তৃতীয়খন খেল পৰহিলৈ এ...

September 14, 2026 9:17 PM

views 11

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কাইলৈ দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কাইলৈ দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতৰ পুৰুষৰ ক্ৰিকেট দলটোৱে আফগানিস্তানৰ বিৰুদ্ধে খেলিব। ৩ খনীয়া শৃংখলাটোৰ যোৱা নিশা অনুষ্ঠিত প্রথমকন খেলত ভাৰতে ৭ টা উইকেটত জয়লাভ কৰি ১-০ৰ অগ্ৰগতি লাভ কৰিছে। আফগানিস্তানে বান্ধি দিয়া ১৫৭ ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে অভিষেক শৰ্মাৰ ৩২ টা বলত ৮২ ৰান আৰু ইশান কিষাণৰ ৪২ ৰানৰ সহায়ত ১৩ অভাৰ ৪ টা বলতে ৩ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে আফগানিস্তানে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেট হ...

September 14, 2026 12:25 PM

views 16

মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা অষ্টমবাৰৰ বাবে ভাৰতীয় দলৰ খিতাপ দখল

ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৭২ ৰানত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াকে ধৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু টি-২০ ফৰ্মেটৰ এছিয়া কাপ ফাইনেলত ভাৰতে ষষ্ঠবাৰৰ বাবে শ্রীলংকাক পৰাস্ত কৰিছে। ভাৰতে কালি প্ৰথমে বেট ধৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান সংগ্ৰহ কৰে। দলৰ হৈ শেফালী বাৰ্মাই ৬৮ আৰু স্মৃতি মন্ধানাই ৫৯ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত শ্ৰীলংকাই ১৯ অভাৰ ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১১ ৰানহে কৰিবলৈ সমৰ্থ হয়। ...

September 12, 2026 5:06 PM

views 14

কাইলৈ মহিলাৰ টি-২০ এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব

ডুবাইত কাইলৈ হ'বলগীয়া মহিলাৰ টি-২০ এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। যোৱা নিশা অনুষ্ঠিত ছেমিফাইনেলত শ্ৰীলংকাই পাকিস্তানক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে সাতবাৰৰ চেম্পিয়ন ভাৰতে গ্রুপ পৰ্যায়ৰ তিনিখন খেলত জয়লাভ কৰি শীৰ্ষস্থান দখল কৰাৰ পাছত ছেমিফাইনেলত বাংলাদেশক ৪০ ৰাণত পৰাস্ত কৰে। উল্লেখ্য যে, ২০২৪ চনৰ ফাইনেলত শ্রীলংকাই ভাৰতক পৰাস্ত কৰি নিজৰ প্ৰথমটো এছিয়া কাপ খিতাপ জয় কৰিছিল।