বডোদাত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত জিম্বাব’ৱেক ৮ উইকেটত পৰাস্ত ভাৰতীয় মহিলা ক্রিকেট দলৰ

ভাৰতীয় মহিলা ক্রিকেট দলে আজি বডোদাত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত জিম্বাব’ৱেক ৮ উইকেটত পৰাস্ত কৰে। ১৩২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে ১৭ অভাৰত ২টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে।

ভাৰতৰ হৈ প্ৰতিকা ৰাৱালে ৫৯ আৰু শ্বেফালি বাৰ্মাই ৫১ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে জিম্বাব’ৱে প্ৰথমে বেট ধৰি ৩৯ অ’ভাৰ আৰু ৫ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৩১ ৰান কৰে৷

এই জয়ৰ সুবাদত ভাৰতে শৃংখলাৰ তিনিওখন খেলতে জয়লাভ কৃতিত্ব অর্জন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।