September 30, 2026 9:24 PM

views 3

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে ৪০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ ৱেষ্ট ইণ্ডিজৰ

গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে ৪০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ৪০৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ আমিৰ জাংগুৱে ১১৪, সাই হোপে ১০৪ আৰু জন-কেম্পবেলে ১০১ ৰান কৰে। ভাৰতে এই বাতৰি যুগুতোৱাৰ পৰলৈকে ৯ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৭৫ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ আগেয়ে টচত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।

September 29, 2026 9:27 PM

views 3

এছিয়ান গেমছত মহিলাৰ ফ’ৰ ইনটু ফ’ হান্ড্রেড মিটাৰ দৌৰত সোণৰ পদক

জাপানৰ আইচি-নাগ’য়াত চলি থকা এছিয়ান গেমছত আজি ভাৰতে মহিলাৰ ফ'ৰ ইনটু ফ’ হান্ড্রেড মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে। এই শিতানৰ পুৰুষৰ শাখাতো ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে নিৰু ঢাণ্ডাই প্ৰথমগৰাকী ভাৰতীয় শ্বুটাৰ হিচাপে মহিলাৰ গাইগুটীয়া শাখাৰ ট্ৰেপ ইভেণ্টত সোণৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ট্রেপ ইভেণ্টৰ দলীয় শাখাত আশ্বিমা আহলাৱাৰ্ট আৰু মণীষা কীৰৰ সৈতে দেশৰ হৈ ৰূপৰ পদক অৰ্জন কৰিছিল। এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত ৰাখিছে। বক্সিং প্রতিযোগিতাত ভাৰত...

September 24, 2026 1:28 PM

views 23

এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ৰ’ছিবীনা দেৱী আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সৎনাম সিং আৰু চলমান খানক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই আজি ফাইনেলত চীনৰ ঝাংগ শ্বিয়াঅ’য়ুৰ হাতত ০-২ ফলাফলত পৰাভূত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি ৩ টা পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু ২০১৮ চনত অনুষ্ঠিত জাকাৰ্টা-পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইপিনে, ভাৰতৰ সৎনাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডালছত ব্ৰ...

September 22, 2026 6:23 PM

views 10

এছিয়ান গেমছত প্ৰথমটো সোণৰ পদক অৰ্জন

ভাৰতে এইবাৰৰ এছিয়ান গেমছত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। ভাৰতৰ মহিলা ক্রিকেট দলে আজি জাপানৰ নিচিনত অনুষ্ঠিত ফাইনেলত শ্রীলংকাক ১৪৭ ৰানত পৰাভূত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক হস্তগত কৰে। ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই ২১৬ ৰান কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৭৯ ৰান কৰে। আৰ ঘোষে ৪৯ আৰু শ্বেফালী বাৰ্মাই ৪৮ ৰানৰ বৰঙণি আগবঢ়ায়। স্মৃতি মান্ধানাই এই খেলখনত আগবঢ়োৱা সুন্দৰ প্ৰদৰ্শনৰ সুবাদত মহিলা আন্তর্জাতিক ক্ৰিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ ...

September 22, 2026 4:23 PM

views 8

এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেটৰ খিতাপ দখল

ভাৰতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ খিতাপ দখল কৰিছে। ভাৰতে আজি জাপানৰ নিচিনত অনুষ্ঠিত ফাইনেলত শ্রীলংকাক ১৪৭ ৰানত পৰাভূত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই ২১৬ ৰান কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৭৯ ৰান কৰে ৷ আৰ ঘোষে ৪৯ আৰু শ্বেফালী বাৰ্মাই ৪৮ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত শ্ৰীলংকাই ১৫ অভাৰ আৰু ৪ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৬৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ বিৰুদ্ধে ১১৪ ৰানৰ প্ৰভাৱশালী বিজয়েৰে ভাৰতে ফাইনেলত নিজৰ স্থান নি...

September 4, 2026 5:04 PM

views 20

চাইনা মাষ্টাৰ্ছ বেডমিণ্টনত ভাৰতীয় যুটি সাত্বিক ছাইৰাজ ৰণকিৰেড্ডি আৰু চিৰাগ ছেট্টী ডেনমাৰ্কৰ যুটি কিম আক্ট্রোপ আৰু এণ্ডাৰ্ছ স্কাৰূপ ৰাছমোচেনৰ বিৰুদ্ধে অৱতীৰ্ণ

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় যুটি সাত্বিক ছাইৰাজ ৰণকিৰেড্ডি আৰু চিৰাগ ছেট্টীয়ে আজি বিয়লি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ডেনমাৰ্কৰ যুটি কিম আক্ট্রোপ আৰু এণ্ডাৰ্ছ স্কাৰূপ ৰাছমোচেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪ বাজি ১০ মিনিটত আৰম্ভ হ'ব। ভাৰতীয় যুটিটোৱে যোৱানিশাৰ এখন খেলত ফ্ৰান্সৰ টোমা জুনিয়ৰ পপ’ভ আৰু ক্ৰিষ্ট' পপ’ভক ২১-১৭, ২২–২৪, ২১-৯ গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে, পুৰুষৰ ছিংগল্‌ছত কিদাম্বি শ্রীকান্তে আজি চেনজেনত অনুষ্ঠিত কোৱাৰ্টাৰ ...

September 4, 2025 3:29 PM

views 67

ইউ এছ অ’পেন টেনিছত পুৰুষৰ ডাবলছৰ ছেমি ফাইনেল ভাৰতৰ যুকি ভান্ত্ৰী

■ ইউ এছ অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত আজি সন্ধিয়া ভাৰতৰ যুকি ভান্ত্ৰী আৰু তেওঁৰ নিউজিলেণ্ডৰ সহযোগী মাইকেল ভেনাছ, ব্ৰিটিছ যুটী নীল স্কুপস্কি আৰু জ' ছেলিজবেৰিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, পুৰুষৰ ছিংগলছত যোৱা মঙলবাৰে ন'ভাক জকভিছে টাইলৰ ফ্রিট্জক কোৱাৰ্টাৰ ফাইনেলত ৬-৩, ৭-৫, ৩-৬, ৬-৪ ছেটত পৰাস্ত কৰে। জকভিছে কাইলৈ স্পেইনৰ কাৰ্লোৰ্ছ আলকাৰ্জেৰ বিৰুদ্ধে ছেমি পাইনেলত অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ আমাণ্ডা আনিছিম ভাই পোলেণ্ডৰ ইগা শ্বাইটেক ৬-৪, ৬-৩ ছেট পৰাস্ত ক...