জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান পেৰা গেম্ছত ভাৰতৰ মোনা আগৰৱালে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল SH-1 শিতানত সোণৰ পদক জয়েৰে অভিলেখ গঢ়িছে। একেটা শিতানতে অৱনী লেখাৰাই ৰূপৰ পদক জয় কৰিছে।
ইপিনে মহিলাৰ জুডোৰ ৫২ কিলোগ্রাম শাখাৰ J-2 শিতানৰ ছেমি ফাইনেলত ভাৰতৰ কোকিলাই পদক নিশ্চিত কৰিছে। কোকিলাই চীনৰ য়ি লিউক ১-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত কিগিস্তানৰ এবিকে ওলানবেক কিজীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
২০২৩ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত কোকিলাই ৪৮ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক জয় কৰাৰ লগতে ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰিছিল৷ ইপিনে পুৰুষৰ ৭০ কিলোগ্রাম শাখাত ছেমি ফাইনেলত ইণ্ডোনেছিয়াৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হোৱাৰ পাছত কপিল পাৰমাৰে ব্ৰঞ্জৰ পদকৰ বাবে খেলিব।