তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে ৪০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ ৱেষ্ট ইণ্ডিজৰ

গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে ৪০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।

ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ৪০৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ আমিৰ জাংগুৱে ১১৪, সাই হোপে ১০৪ আৰু জন-কেম্পবেলে ১০১ ৰান কৰে।

ভাৰতে এই বাতৰি যুগুতোৱাৰ পৰলৈকে ৯ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৭৫ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ আগেয়ে টচত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।