ভাৰতৰ মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰে ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি লৈছে। গুৱাহাটীত অনুষ্ঠিত বি চি চি আইৰ পৰ্যৱেক্ষণ বৈঠকত পাছতে ৩৭ বছৰীয়া খেলুৱৈগৰাকীয়ে এই ঘোষণা কৰে।
হৰমনপ্রীত কৌৰে যোৱা বছৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এদিনীয়া মহিলা বিশ্বকাপ প্রতিযোগিতাৰ খিতাপ লাভ কৰা ভাৰতীয় দলটোক নেতৃত্ব দিছিল।
শ্ৰীমতী কৌৰে ভাৰতক পাঁচখন টেষ্ট, ৫১ খন আন্তর্জাতিক এদিনীয়া আৰু ১৫৫ খন আন্তর্জাতিক টি-২০ খেলত নেতৃত্ব দিছিল। তেওঁ ২০১৬ চনৰ পৰা টি-২০ দলক নেতৃত্ব দিয়াৰ পাছত ২০২২ চনত এদিনীয়া দলৰ অধিনায়ক হিচাপে দায়িত্ব গ্রহণ কৰিছিল৷