কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে ভাৰতে কোনো খণ্ডতে একচেটিয়া অধিকাৰৰ অনুমতি নিদিয়ে। ভাৰতত কাম কৰাৰ বাবে ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত কংগ্ৰেছৰ স্থিতিক লৈও তেওঁ কংগ্ৰেছক সমালোচনা কৰে। কালি নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৬ৰ দশম সংস্কৰণত ভাষণ দি মন্ত্রী শ্রী সিণ্ডিয়াই কয় যে, তিনিটা কোম্পানী ক্রমে ষ্টাৰলিংক, জিঅ’ চেটেলাইট কমিউনিকেশ্যন আৰু ইউটেলছেট ৱানৱেবে চেটেলাইট যোগাযোগৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। তেওঁ কয় যে কাঠামো চূড়ান্ত হোৱাৰ পিছত চৰকাৰে এই কোম্পানীসমূহক ৰাজহ ভাগ-বতৰাৰ ভিত্তিত স্পেকট্রম আবণ্টন দিব। তেওঁ লগতে কয় যে উপগ্রহ যোগাযোগ অপাৰেটৰসকলক ব্যক্তিগতভাৱে নিৰ্ধাৰিত সুৰক্ষা নীতি আৰু অন্যান্য নিয়ন্ত্রণমূলক প্রয়োজনীয়তা পূৰণ কৰাৰ পিছতহে সেৱা আৰম্ভ কৰিবলৈ অনুমতি দিয়া হ’ব। মন্ত্ৰীগৰাকীয়ে কয় যে গ্রাহকসকলক এটা নিৰ্দিষ্ট পৰিসৰৰ সেৱা প্ৰদান কৰাৰ লগতে একে সময়তে তেওঁলোকে মুক্ত বজাৰত নিজৰ পছন্দৰ বিকল্পসমূহ বাছি ল’ব পৰাৰ সুবিধা প্রদান কৰাটো চৰকাৰৰ দায়িত্ব।
যোগাযোগ মন্ত্রালয়ে কয় যে উপগ্রহ যোগাযোগ সেৱাৰ ক্ষেত্ৰত ভাৰতৰ নিয়ন্ত্রণ কাঠামো ন্যায্য আৰু বৈষম্যহীন। তেওঁলোকৰ অনুজ্ঞাপত্ৰৰ চৰ্ত আৰু নিয়মৰ অধীনত অনুজ্ঞাপত্র লাভকৰা সকলোৱে সুৰক্ষাৰ প্ৰয়োজনীয়তাসমূহ মানি চলাটো প্রদৰ্শন কৰিব লাগিব। ইয়াৰ উদ্দেশ্য হৈছে প্ৰদান কৰা সেৱাসমূহে প্রয়োজনীয় সুৰক্ষা মান বজাই ৰখাটো নিশ্চিত কৰা আৰু ব্যৱহাৰকাৰী তথা তেওঁলোকৰ তথ্য সুৰক্ষিত কৰা।