পশ্চিমবংগ আৰু অসমৰ উপ-নিৰ্বাচনত শাসকীয় ভাৰতীয় জনতা পার্টিয়ে জয়লাভ কৰাৰ বিপৰীতে তামিলনাডুত বিধানসভাৰ উপ-নির্বাচনত দুখন আসনত শাসকীয় তামিলাগা ভেট্রি কাঝাগামে জয়লাভ কৰিছে। পুডুচেৰীত শাসকীয় অল ইণ্ডিয়া এন. আৰ. কংগ্ৰেছে থাটাঞ্চৱাড়ী বিধানসভাৰ আসনখনত জয়লাভ কৰিছে।
কালি অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে অনুষ্ঠিত হোৱা ভোটগণনাৰ পিছতে এই ফলাফল পোহৰলৈ আহে। মঙলবাৰে ৬খন আসনৰ উপ-নির্বাচন অনুষ্ঠিত হয়।
বিজেপিয়ে পশ্চিমবংগৰ নন্দীগ্রাম আৰু ৰেজিনগৰ বিধানসভা দুয়োখন আসনত বৃহৎ ব্যৱধানত জয়লাভ কৰিছে। পূৱ মেদিনীপুৰ জিলাত অৱস্থিত নন্দিগ্রাম বিধানসভাৰ আসনত মুখ্যমন্ত্রী সুৱেন্দু অধিকাৰীৰ নিহত ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰাথৰ মাতৃ বিজেপি প্রার্থী হাছিৰানী ৰাথে কংগ্ৰেছৰ প্ৰাৰ্থী মিলন প্রধানক এক লাখ ২২ হাজাৰৰো অধিক ভোটৰ অভিলেখ সৃষ্টি কৰি পৰাস্ত কৰে।
মুৰ্ছিদাবাদ জিলাৰ ৰেজিনগৰ বিধানসভাৰ উপ-নির্বাচনতো বিজেপিৰ প্ৰাৰ্থী শংকৰভ সৰকাৰে আম জনতা উন্নয়ন পাৰ্টিৰ প্ৰাৰ্থী গোলাম নবী আজাদক ৭৫ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰে। সৰকাৰে প্ৰায় এক লাখ ৩০ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে আজাদে প্রায় ৫৪ হাজাৰ ভোট লাভ কৰে।
ইফালে, অসমত নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত বিজেপিৰ প্রার্থী দেৱাশীষ শর্মাই তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্রেটিক ফ্রণ্টৰ মুৰব্বী বদৰুদ্দিন আজমলক এক লাখ ৪২ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰি জয়লাভ কৰে। এই নির্বচনত কংগ্ৰেছৰ প্ৰাৰ্থী শিবামনি বৰাই তৃতীয় স্থানতহে সন্তুষ্ট থাকিবলগীয়া হয়।
তামিলনাডুত মূখ্যমন্ত্রী চি জোচেফ বিজয় নেতৃত্বাধীন টিভিকে দলে ধৰাপুৰম আৰু মদুৰন্তকাম৯ বিধানসভাৰ উপ-নির্বাচন দুয়োটাতে জয়লাভ কৰে। ধৰাপুৰমত টিভিকেৰ প্ৰাৰ্থী পি সত্যবামাই ডিএমকেৰ প্ৰতিদ্বন্দ্বী এছ সুগণ্যাক ৯৪৭১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। মাদুৰন্তকামত টিভিকেৰ প্ৰাৰ্থী কে মৰাগাথাম কুমাৰভেলে ডিএমকেৰ প্ৰাৰ্থী আই পৰন্তামেনৰ বিৰুদ্ধে ২০,০৪০ ভোটত জয়লাভ কৰে।
ইফালে চুবুৰীয়া পুডুচেৰীত বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেম’ক্রেটিক এলায়েন্সৰ মূল মিত্র এআইএনআৰচিয়ে থাট্টাঞ্চৱাড়ী বিধানসভা সমষ্টিটোত জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিছে। এআইএনআৰচিৰ প্ৰাৰ্থী অশোক আনন্দই তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছ প্রার্থী ই বিনায়াগমক ৮৪৮২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। আনন্দই ১৩,৩৫৮টা ভোট লাভ কৰাৰ বিপৰীতে বিনায়াগমে ৪,৮৭৬টা ভোট লাভ কৰে।