মহালয়া উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰা আৰু শ্রাদ্ধ পার্বন আদি অনুষ্ঠিত হয়। আহিন মাহৰ অমাবশ্যা তিথিত দিন-ৰাতিৰ সন্ধিক্ষণৰ পৰা আৰম্ভ হোৱা মহালয়াৰ পৱিত্ৰ ক্ষণত দেবী দুর্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগে পিতৃ পক্ষৰ সমাপ্তি ঘটি দেবী পক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা শাৰদীয় দুর্গা পূজাৰ আধ্যাত্মিক পর্বসমূহো আৰম্ভ হ’ব। এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন আৰু নৌকাত গমন কৰিব। মহালয়া উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈৰ ঘাট, জান জুৰিত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে বহু লোকে শ্রাদ্ধ আগবঢ়ায়।
বৰপেটা জিলাৰ হাউলী বৰপেটা ৰোড পূজা উদযাপন সমিতিৰ উদ্যোগত মহালয়া পালন কৰা হয়। শতবর্ষ গৰকা হাউলী মধ্যবজাৰ সাৰ্বজনীন দুর্গাপূজা উদযাপন সমিতিৰ উদ্যোগত আজি আগমনি উৎসৱ নামেৰে মহালয়া পালন কৰা হয়। এই উপলক্ষে পুৱা প্রভাত ফেৰী, শিশু আৰু মহিলাৰ মাজত স্তোত পাঠ, দুর্গা আৰাধনা গীত প্রতিযোগিতা অনুষ্ঠিত হয়। আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে সংগীত প্রতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।
শিলচৰৰ বৰাক নদীৰ পাৰৰ অন্নপূর্ণা ঘাট, সদৰ ঘাটকে ধৰি আন আন নদীৰ পাৰত পুৱা পিতৃপুৰুষৰ উদ্দেশ্যে তর্পণ কৰা হয়।
ডিব্ৰুগড় চহৰৰ মৰাণ, খোৱাং, বৰবৰুৱা, নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, লাহুবাল, টেঙাখাট, দিকমকে ধৰি বিভিন্ন ঠাইত শোভাযাত্রা উলিওৱাৰ লগতে পিতৃ পুৰুষৰ স্মৰণত ব্ৰহ্মপুত্ৰত পূজা-অর্চনা কৰা হয়।
যোৰহাট জিলাৰ গড় আলীত পুৱা তিনি বজাৰ পৰাই মহালয়া উপলক্ষে লোকাৰণ্য হৈ পৰে। গুৱাহাটীৰ উজানবজাৰৰ ব্ৰহ্মপুত্ৰ ঘাটটো অগণন ভক্তই ভিৰ কৰে।
মহালয়া উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ শাৰদীয় দুর্গোৎসৱৰ আগমনৰ বতৰা কঢ়িয়াই অনা এই শুভ ক্ষণে সকলোৰে জীৱনলৈ মংগল বার্তা কঢ়িয়াই অনাৰ কামনা কৰে।