ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্রহণ কৰিব। ৰাজ্যপালগৰাকীয়ে দিনৰ চাৰে ১১ বজাত পাটকীজুলি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ভাইব্রেন্ট ভিলেজ কার্যসূচীত অংশ ল’ব। দুপৰীয়া ১ বজাত তেওঁ ভাৰত-ভুটান সীমান্তৰ দৰঙাত থকা এছ এছ বিৰ সীমান্ত চকীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিব। বিয়লি ৰাজ্যপালগৰাকীয়ে গুৱাহাটীৰ লোক ভৱনলৈ উভতি আহিব বুলি তামুলপুৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়াই জানিবলৈ দিছে।
Assamese | October 10, 2026 1:53 PM | Governor Visit
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ তামুলপুৰ ভ্ৰমণ