October 10, 2026 5:38 PM

views 10

কাইলৈ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইণ্ডোৰত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। যোৱা নিশা ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক ছয় উইকেটত পৰাস্ত কৰাত সম্প্রতি পাঁচখনীয়া শৃংখলাটোত ১-১ৰ সমতা স্থাপন হয়। ৱেষ্ট ইণ্ডিজে ১৮ অভাৰ তিনিটা বলত ২৫২ ৰান কৰি ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ২৫০ ৰাণৰ লক্ষ্য অতিক্ৰম কৰে। আলহী দলটোৰ অধিনায়ক ছাই হোপে ৪৫ টা বলত ১০২ ৰান কৰাৰ লগতে ছাৰ্ফেন ৰাডাৰফ'ৰ্ডে ৮৪ ৰানৰ বৰঙণি আগবঢ়ায়। ছাই হোপক প্লেয়াৰ অব দ্যা মে...

October 7, 2026 7:55 PM

views 5

T-20 শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্রিকেট দলত অসমৰ জিণ্টীমণি কলিতাৰ স্থানলাভ

অসমৰ জিণ্টীমণি কলিতাই জিম্বাব’ৱেৰ বিৰুদ্ধে হ’বলগীয়া টি-টুৱেন্টি শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্রিকেট দলত স্থানলাভ কৰিছে। ভাৰতে ১৬, ১৮ আৰু ২০ অক্টোবৰত জিম্বাব' ৱেৰ বিৰুদ্ধে ৩ খন টি-টুয়েন্টি খেলত অৱতীৰ্ণ হ'ব। মঙলদৈৰ জিণ্টীমণি কলিতাই ভাৰতীয় মহিলা ক্রিকেট দলত স্থান লাভৰ পাছতেই পৰিয়ালৰ লগতে অঞ্চলৱাসী উৎফুল্লিত হৈছে।

October 6, 2026 5:39 PM

views 6

ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰৰ ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি

ভাৰতৰ মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰে ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি লৈছে। গুৱাহাটীত অনুষ্ঠিত বি চি চি আইৰ পৰ্যৱেক্ষণ বৈঠকত পাছতে ৩৭ বছৰীয়া খেলুৱৈগৰাকীয়ে এই ঘোষণা কৰে। হৰমনপ্রীত কৌৰে যোৱা বছৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এদিনীয়া মহিলা বিশ্বকাপ প্রতিযোগিতাৰ খিতাপ লাভ কৰা ভাৰতীয় দলটোক নেতৃত্ব দিছিল। শ্ৰীমতী কৌৰে ভাৰতক পাঁচখন টেষ্ট, ৫১ খন আন্তর্জাতিক এদিনীয়া আৰু ১৫৫ খন আন্তর্জাতিক টি-২০ খেলত নেতৃত্ব দিছিল। তেওঁ ২০১৬ চনৰ পৰা টি-২০ দলক নেতৃত্ব দিয়াৰ পাছত ২০২২ চনত এদিনীয়া দলৰ অধিন...

October 3, 2026 6:45 PM

views 13

এছিয়ান গেমছত পুৰুষৰ মল্লযুদ্ধৰ ৫৭ কিলোগ্রাম ওজন শাখাত ভাৰতৰ অমন শ্বেহৰাৱটৰ সোণৰ পদক

জাপানৰ নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ অমন শ্বেহৰাৱটে আজি পুৰুষৰ মল্লযুদ্ধৰ ৫৭ কিলোগ্রাম ওজন শাখাত উত্তৰ কোৰিয়াৰ বিশ্ব চেম্পিয়ন চং ছং হানক ১১-৭ ফলাফলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। হাংজৌ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ফাইনেলত অসীম বুদ্ধিৰ পৰিচয় দিয়ে আৰু হানৰ সকলো প্ৰচেষ্টা ব্যর্থ কৰে। ইপিনে দীপক পুনিয়াই আজি পুৰুষৰ মল্লযুদ্ধৰ ৯৭ কিলোগ্রাম ওজন শাখাৰ ফ্রিষ্টাইল শিতানত মংগোলীয়াৰ গানখুয়াগ গানবাটাৰক পৰাভূত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াকে লৈ ভাৰতে এইবাৰ এছিয়া...

October 3, 2026 4:50 PM

views 12

এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটত সোণৰ পদক অৰ্জন ভাৰতৰ

ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে আজি ফাইনেলত পাকিস্তানক ১৯ ৰানত পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ২১১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অভিষেক শর্মাই ৬১ ৰান আৰু তিলক বাৰ্মাই ৫১ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত পাকিস্তানে ২০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত ১৯২ ৰানহে কৰিবলৈ সমৰ্থ হয়।

September 24, 2026 1:28 PM

views 31

এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ৰ’ছিবীনা দেৱী আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সৎনাম সিং আৰু চলমান খানক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই আজি ফাইনেলত চীনৰ ঝাংগ শ্বিয়াঅ’য়ুৰ হাতত ০-২ ফলাফলত পৰাভূত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি ৩ টা পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু ২০১৮ চনত অনুষ্ঠিত জাকাৰ্টা-পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইপিনে, ভাৰতৰ সৎনাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডালছত ব্ৰ...

September 22, 2026 4:25 PM

views 22

ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তর্জাতিক ক্রিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ

ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তর্জাতিক ক্রিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ হৈছে। জাপানত চলি থকা এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ নিচিনৰ কৰগি ক্রীড়া উদ্যানত অনুষ্ঠিত ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ এই অভিলেখ গঢ়ে। ফাইনেলত শ্ৰীমতী মান্ধানাই ৩ টা ৬ আৰু ৩ টা ৪ ৰ সহায়ত প্ৰথম ৪ টা অভাৰত ভাৰতক সুন্দৰ অগ্ৰগতি দিয়ে। স্মৃতি মান্ধানাই ভাৰতৰ মহিলা ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ ১০ হাজাৰ ৮৬৮ ৰানৰ অভিলেখ ভংগ কৰে।

September 14, 2026 8:53 PM

views 17

টী-২০ এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ টী-২০ এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলে সমগ্ৰ প্ৰতিযোগিতাখনত অনবদ্য প্রদর্শনেৰে আটাইকেইখন খেলতে জয়লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ কয়, যে এই খেলুৱৈসকল হৈছে দেশৰ যুৱ প্ৰজন্মৰ বাবে অসীম প্ৰেৰণাৰ উৎস। অনাগত দিনত তেওঁলোকে সফলতাৰ এনে বহু গাঁথা ৰচনা কৰিব বুলি শ্রীমতী মু...

September 12, 2026 5:06 PM

views 18

কাইলৈ মহিলাৰ টি-২০ এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব

ডুবাইত কাইলৈ হ'বলগীয়া মহিলাৰ টি-২০ এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। যোৱা নিশা অনুষ্ঠিত ছেমিফাইনেলত শ্ৰীলংকাই পাকিস্তানক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে সাতবাৰৰ চেম্পিয়ন ভাৰতে গ্রুপ পৰ্যায়ৰ তিনিখন খেলত জয়লাভ কৰি শীৰ্ষস্থান দখল কৰাৰ পাছত ছেমিফাইনেলত বাংলাদেশক ৪০ ৰাণত পৰাস্ত কৰে। উল্লেখ্য যে, ২০২৪ চনৰ ফাইনেলত শ্রীলংকাই ভাৰতক পৰাস্ত কৰি নিজৰ প্ৰথমটো এছিয়া কাপ খিতাপ জয় কৰিছিল।

September 10, 2026 2:53 PM

views 17

দুলীয়াজানৰ নেহৰু ময়দানত ২১ ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ নৱম অইল ইণ্ডিয়া গ’ল্ড কাপ ফুটবল প্রতিযোগিতা

অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু ভাৰতীয় ফুটবল সংস্থা তথা অসম ফুটবল সংস্থাৰ তত্বাৱধানত দুলীয়াজানৰ নেহৰু ময়দানত অহা ২১ ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ নৱম অইল ইণ্ডিয়া গ’ল্ড কাপ ফুটবল প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিৰ সভাপতি মাধুৰ্য বৰুৱাই এটা বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰা মতে প্রতিযোগিতাত স্পর্টছ ক্লাৱ দিল্লী, শ্বিলং লাজং এফ চি, পাঞ্জাব এফ চি, নৰ্থ ইষ্ট ইউনাইটেড এফ চি, গুৱাহাটী, সুদেফা এফ চি দিল্লী, এন আৰ এল নুমলীগড়, লেঅ'লেন এফ চি শিলচৰকে ধৰি কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশগ্রহণ কৰিব। প...