জাপানৰ নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ অমন শ্বেহৰাৱটে আজি পুৰুষৰ মল্লযুদ্ধৰ ৫৭ কিলোগ্রাম ওজন শাখাত উত্তৰ কোৰিয়াৰ বিশ্ব চেম্পিয়ন চং ছং হানক ১১-৭ ফলাফলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।
হাংজৌ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ফাইনেলত অসীম বুদ্ধিৰ পৰিচয় দিয়ে আৰু হানৰ সকলো প্ৰচেষ্টা ব্যর্থ কৰে।
ইপিনে দীপক পুনিয়াই আজি পুৰুষৰ মল্লযুদ্ধৰ ৯৭ কিলোগ্রাম ওজন শাখাৰ ফ্রিষ্টাইল শিতানত মংগোলীয়াৰ গানখুয়াগ গানবাটাৰক পৰাভূত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াকে লৈ ভাৰতে এইবাৰ এছিয়ান গেমছৰ মল্লযুদ্ধৰ ফ্ৰিষ্টাইল শিতানত তিনিটা পদক লাভ কৰিছে। ইয়াৰ পূৰ্বে সুৰজিৎ কলকল আৰু অমনে এই শিতানত সোণৰ পদক লাভ কৰিছিল।
ইয়াৰ আগেয়ে ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটৰ টি- ২০ত পাকিস্তানক ১৯ ৰানত পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২১১ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ হৈ অভিষেক শৰ্মাই ৬১ ৰান আৰু তিলক বাৰ্মাই ৫১ ৰানৰ বৰঙণি আগবঢ়ায়। প্রত্যুত্তৰত পাকিস্তানে ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৯২ ৰানহে কৰিবলৈ সমৰ্থ হয়।
ভাৰত সম্প্ৰতি ২০টা সোণ, ২৬টা ৰূপ আৰু ৩৭টা ব্ৰঞ্জসহ মুঠ ৮৩টা পদকেৰে তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হৈছে।