ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইণ্ডোৰত অনুষ্ঠিত হ’ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব।
যোৱা নিশা ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক ছয় উইকেটত পৰাস্ত কৰাত সম্প্রতি পাঁচখনীয়া শৃংখলাটোত ১-১ৰ সমতা স্থাপন হয়।
ৱেষ্ট ইণ্ডিজে ১৮ অভাৰ তিনিটা বলত ২৫২ ৰান কৰি ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ২৫০ ৰাণৰ লক্ষ্য অতিক্ৰম কৰে। আলহী দলটোৰ অধিনায়ক ছাই হোপে ৪৫ টা বলত ১০২ ৰান কৰাৰ লগতে ছাৰ্ফেন ৰাডাৰফ’ৰ্ডে ৮৪ ৰানৰ বৰঙণি আগবঢ়ায়। ছাই হোপক প্লেয়াৰ অব দ্যা মেচ ঘোষণা কৰা হয়।