October 10, 2026 5:38 PM

views 10

কাইলৈ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইণ্ডোৰত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। যোৱা নিশা ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক ছয় উইকেটত পৰাস্ত কৰাত সম্প্রতি পাঁচখনীয়া শৃংখলাটোত ১-১ৰ সমতা স্থাপন হয়। ৱেষ্ট ইণ্ডিজে ১৮ অভাৰ তিনিটা বলত ২৫২ ৰান কৰি ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ২৫০ ৰাণৰ লক্ষ্য অতিক্ৰম কৰে। আলহী দলটোৰ অধিনায়ক ছাই হোপে ৪৫ টা বলত ১০২ ৰান কৰাৰ লগতে ছাৰ্ফেন ৰাডাৰফ'ৰ্ডে ৮৪ ৰানৰ বৰঙণি আগবঢ়ায়। ছাই হোপক প্লেয়াৰ অব দ্যা মে...

October 6, 2026 7:43 PM

views 9

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছে। খেলখনত টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। সদ্যসমাপ্ত এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ২-১ ফলাফলেৰে জয় লাভ কৰা ভাৰতীয় দলে আজিৰ খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে চেষ্টা চলাব ৷

September 29, 2026 3:52 PM

views 22

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত কাইলৈ তিনিখনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত কাইলৈ বৰ্ষাপাৰাত হ'বলগীয়া তিনিখনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ বাবে দুয়োটা দলেই আজি অনুশীলনত অংশগ্ৰহণ কৰিব। দুয়োটা দল কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱাৰ পাছত বিমান বন্দৰত বহুসংখ্যক অনুৰাগীয়ে তেওঁলোকক আদৰণি জনায়। আজি দিনৰ ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ ৱেষ্ট ইণ্ডিজে খেলৰ অনুশীলন কৰিব। ভাৰতীয় দলটোৱে ৫.৩০ বজাৰ পৰা ৮.৩০ বজালৈ অনুশীলন কৰিব। তিৰুৱনন্তপুৰমত অনুষ্ঠিত তিনিখনীয়া মেচৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰাৰ পাছত কাইলৈ হ'বলগীয়া দ্বিতীয়খন খেলত জয়ৰ পুনৰাবৃত্তিৰ...

October 13, 2025 8:41 PM

views 98

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত ভাৰতৰ বাবে ১২১ ৰাণৰ লক্ষ্য

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত জয়ৰ বাবে প্ৰয়োজনীয় ১২১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে নিজৰ দ্বিতীয় ইনিংছত আজি চতুর্থ দিনৰ খেল শেষ হোৱাৰ পৰলৈকে এটা উইকেটৰ বিনিময়ত ৬৩ ৰাণ সংগ্ৰহ কৰিছে। চতুর্থ দিনৰ খেলৰ অন্তত কে এল ৰাহুল ২৫ আৰু সাই সূদৰ্শন ৩০ ৰানত অপৰাজিত হৈ আছিল । ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে নিজৰ দ্বিতীয় ইনিংছ ৩৯০ ৰানত সামৰে। দলটোৰ হৈ জন কেম্পৱেলে ১১৫, সাই হোপে ১০৩ আৰু জাষ্টিন গ্ৰীভছে ৫০ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱ আৰু যশপ্রীত বুমৰাই ৩ টাক...

October 4, 2025 8:36 PM

views 83

ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টেষ্টত ৱেষ্ট ইণ্ডিজ এক ইনিংছ আৰু ১৪০ ৰানত পৰাস্ত

ভাৰতে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথম টেষ্টত ৱেষ্ট ইণ্ডিজক এক ইনিংছ আৰু ১৪০ ৰানত পৰাস্ত কৰে। আলহী দলটোক প্রথম ইনিংছত ১৬২ ৰানতে অলআউট কৰাৰ পাছত ভাৰতে কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু ধ্ৰুৱ জুৰেলৰ শতকৰ সহায়ত পাঁচ উইকেটৰ বিনিময়ত ৪৪৮ ৰান কৰা অৱস্থাত প্ৰথম ইনিংছ ঘোষণা কৰে আৰু প্ৰথম ইনিংছৰ আধাৰত ২৮৬ ৰানৰ অগ্ৰগতি লাভ কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ১৪৬ ৰানত দ্বিতীয় ইনিংছ সামৰে। শৃংখলাৰ দ্বিতীয়খন খেল ১০ অক্টোবৰৰ পৰা দিল্লীৰ অৰুণ জেটলি ষ্...

December 19, 2024 5:32 PM

views 62

সন্ধিয়া ৭ বজাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেটৰ অন্তিমখন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ অন্তিমখন খেল আজি নবী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাত দুয়োটা দলেই এতিয়ালৈ একোখনকৈ খেলত জয়লাভ কৰিছে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতে প্ৰথম খেলখনত ৪৯ ৰানত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত আলহী দলটো ৯ উইকেটত জয়ী হৈছিল।