October 13, 2025 8:41 PM

views 92

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত ভাৰতৰ বাবে ১২১ ৰাণৰ লক্ষ্য

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত জয়ৰ বাবে প্ৰয়োজনীয় ১২১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে নিজৰ দ্বিতীয় ইনিংছত আজি চতুর্থ দিনৰ খেল শেষ হোৱাৰ পৰলৈকে এটা উইকেটৰ বিনিময়ত ৬৩ ৰাণ সংগ্ৰহ কৰিছে। চতুর্থ দিনৰ খেলৰ অন্তত কে এল ৰাহুল ২৫ আৰু সাই সূদৰ্শন ৩০ ৰানত অপৰাজিত হৈ আছিল । ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে নিজৰ দ্বিতীয় ইনিংছ ৩৯০ ৰানত সামৰে। দলটোৰ হৈ জন কেম্পৱেলে ১১৫, সাই হোপে ১০৩ আৰু জাষ্টিন গ্ৰীভছে ৫০ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱ আৰু যশপ্রীত বুমৰাই ৩ টাক...

October 4, 2025 8:36 PM

views 74

ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টেষ্টত ৱেষ্ট ইণ্ডিজ এক ইনিংছ আৰু ১৪০ ৰানত পৰাস্ত

ভাৰতে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথম টেষ্টত ৱেষ্ট ইণ্ডিজক এক ইনিংছ আৰু ১৪০ ৰানত পৰাস্ত কৰে। আলহী দলটোক প্রথম ইনিংছত ১৬২ ৰানতে অলআউট কৰাৰ পাছত ভাৰতে কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু ধ্ৰুৱ জুৰেলৰ শতকৰ সহায়ত পাঁচ উইকেটৰ বিনিময়ত ৪৪৮ ৰান কৰা অৱস্থাত প্ৰথম ইনিংছ ঘোষণা কৰে আৰু প্ৰথম ইনিংছৰ আধাৰত ২৮৬ ৰানৰ অগ্ৰগতি লাভ কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ১৪৬ ৰানত দ্বিতীয় ইনিংছ সামৰে। শৃংখলাৰ দ্বিতীয়খন খেল ১০ অক্টোবৰৰ পৰা দিল্লীৰ অৰুণ জেটলি ষ্...

December 19, 2024 5:32 PM

views 55

সন্ধিয়া ৭ বজাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেটৰ অন্তিমখন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ অন্তিমখন খেল আজি নবী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাত দুয়োটা দলেই এতিয়ালৈ একোখনকৈ খেলত জয়লাভ কৰিছে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতে প্ৰথম খেলখনত ৪৯ ৰানত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত আলহী দলটো ৯ উইকেটত জয়ী হৈছিল।