ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত জয়ৰ বাবে প্ৰয়োজনীয় ১২১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে নিজৰ দ্বিতীয় ইনিংছত আজি চতুর্থ দিনৰ খেল শেষ হোৱাৰ পৰলৈকে এটা উইকেটৰ বিনিময়ত ৬৩ ৰাণ সংগ্ৰহ কৰিছে। চতুর্থ দিনৰ খেলৰ অন্তত কে এল ৰাহুল ২৫ আৰু সাই সূদৰ্শন ৩০ ৰানত অপৰাজিত হৈ আছিল । ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে নিজৰ দ্বিতীয় ইনিংছ ৩৯০ ৰানত সামৰে। দলটোৰ হৈ জন কেম্পৱেলে ১১৫, সাই হোপে ১০৩ আৰু জাষ্টিন গ্ৰীভছে ৫০ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱ আৰু যশপ্রীত বুমৰাই ৩ টাকৈ আৰু মহম্মদ চিৰাজে দুটা উইকেট দখল কৰে। কাইলৈ খেলৰ পঞ্চম তথা অন্তিম দিনা ভাৰতক জয়ৰ বাবে আৰু ৫৮ ৰানৰ প্ৰয়োজন।
Assamese | October 13, 2025 8:41 PM | Cricket | India Cricket | India Vs West Indies | SPORTS
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত ভাৰতৰ বাবে ১২১ ৰাণৰ লক্ষ্য