ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত কাইলৈ বৰ্ষাপাৰাত হ’বলগীয়া তিনিখনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ বাবে দুয়োটা দলেই আজি অনুশীলনত অংশগ্ৰহণ কৰিব। দুয়োটা দল কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱাৰ পাছত বিমান বন্দৰত বহুসংখ্যক অনুৰাগীয়ে তেওঁলোকক আদৰণি জনায়। আজি দিনৰ ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ ৱেষ্ট ইণ্ডিজে খেলৰ অনুশীলন কৰিব। ভাৰতীয় দলটোৱে ৫.৩০ বজাৰ পৰা ৮.৩০ বজালৈ অনুশীলন কৰিব।
তিৰুৱনন্তপুৰমত অনুষ্ঠিত তিনিখনীয়া মেচৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰাৰ পাছত কাইলৈ হ’বলগীয়া দ্বিতীয়খন খেলত জয়ৰ পুনৰাবৃত্তিৰে ভাৰতীয় দলটোৱে শৃংখলাত জয়লাভৰ চেষ্টা কৰিব।
একেদৰে প্ৰতিদ্বন্দ্বী ৱেষ্ট ইণ্ডিজৰ দলটোৱেও বর্ষাপাৰাত হ’বলগীয়া খেলত জয়লাভেৰে শৃংখলাটোত সমতা স্থাপনৰ বাবে অহোপুৰুষাৰ্থ কৰিব বুলি প্ৰকাশ কৰিছে। কাইলৈ দিনৰ ২ বজাত আৰম্ভ হ’বলগীয়া এই খেলখনক লৈ গুৱাহাটীত ক্রিকেটপ্রেমীৰ মাজত আগ্রহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে কাইলৈ হ’বলগীয়া খেলখনৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে মহানগৰীত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অসম ক্রিকেট সন্থা আৰু যানবাহন আৰক্ষীয়ে কালি আয়োজন কৰা এখন সংবাদমেলৰ জৰিয়তে এই বিষয়ে জানিবলৈ দিয়ে।
সেই অনুসৰি কাইলৈ মহানগৰীৰ এ কে আজাড ৰোড, এ একে দেৱ ৰোড আৰু বৰ্ষাপাৰাৰ মূল পথত বাণিজ্যিক বাহন আৰু ধীৰ গতিৰ বাহন চলাচল কৰিব নোৱাৰিব। কুল বসুমতাৰী পথটো ৱান-ৱে’ হিচাপে ঘোষণা কৰা হৈছে। ভি আই পি পাছ থকা যান-বাহনসমূহ এ কে আজাদ পথেৰে খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব।
অসম ক্রিকেট সন্থাই জনোৱা মতে কালি পর্যন্ত খেলখনৰ ২০ হাজাৰ টিকট বিক্ৰী হৈছে। অনলাইনৰ জৰিয়তে দুহেজাৰ টিকট বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। কাইলৈ দুপৰীয়া ১২ বজাত দৰ্শকৰ বাবে খেল পথাৰৰ মূল প্ৰৱেশদ্বাৰ খুলি দিয়া হ’ব বুলি অসম ক্রিকেট সন্থাই প্ৰকাশ কৰিছে।