ভাৰতে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথম টেষ্টত ৱেষ্ট ইণ্ডিজক এক ইনিংছ আৰু ১৪০ ৰানত পৰাস্ত কৰে। আলহী দলটোক প্রথম ইনিংছত ১৬২ ৰানতে অলআউট কৰাৰ পাছত ভাৰতে কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু ধ্ৰুৱ জুৰেলৰ শতকৰ সহায়ত পাঁচ উইকেটৰ বিনিময়ত ৪৪৮ ৰান কৰা অৱস্থাত প্ৰথম ইনিংছ ঘোষণা কৰে আৰু প্ৰথম ইনিংছৰ আধাৰত ২৮৬ ৰানৰ অগ্ৰগতি লাভ কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ১৪৬ ৰানত দ্বিতীয় ইনিংছ সামৰে। শৃংখলাৰ দ্বিতীয়খন খেল ১০ অক্টোবৰৰ পৰা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
Assamese | October 4, 2025 8:36 PM | India Vs West Indies
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টেষ্টত ৱেষ্ট ইণ্ডিজ এক ইনিংছ আৰু ১৪০ ৰানত পৰাস্ত