অসমৰ জিণ্টীমণি কলিতাই জিম্বাব’ৱেৰ বিৰুদ্ধে হ’বলগীয়া টি-টুৱেন্টি শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্রিকেট দলত স্থানলাভ কৰিছে।
ভাৰতে ১৬, ১৮ আৰু ২০ অক্টোবৰত জিম্বাব’ ৱেৰ বিৰুদ্ধে ৩ খন টি-টুয়েন্টি খেলত অৱতীৰ্ণ হ’ব। মঙলদৈৰ জিণ্টীমণি কলিতাই ভাৰতীয় মহিলা ক্রিকেট দলত স্থান লাভৰ পাছতেই পৰিয়ালৰ লগতে অঞ্চলৱাসী উৎফুল্লিত হৈছে।