September 14, 2026 9:17 PM

views 12

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কাইলৈ দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কাইলৈ দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতৰ পুৰুষৰ ক্ৰিকেট দলটোৱে আফগানিস্তানৰ বিৰুদ্ধে খেলিব। ৩ খনীয়া শৃংখলাটোৰ যোৱা নিশা অনুষ্ঠিত প্রথমকন খেলত ভাৰতে ৭ টা উইকেটত জয়লাভ কৰি ১-০ৰ অগ্ৰগতি লাভ কৰিছে। আফগানিস্তানে বান্ধি দিয়া ১৫৭ ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে অভিষেক শৰ্মাৰ ৩২ টা বলত ৮২ ৰান আৰু ইশান কিষাণৰ ৪২ ৰানৰ সহায়ত ১৩ অভাৰ ৪ টা বলতে ৩ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে আফগানিস্তানে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেট হ...

September 14, 2026 8:53 PM

views 16

টী-২০ এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ টী-২০ এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলে সমগ্ৰ প্ৰতিযোগিতাখনত অনবদ্য প্রদর্শনেৰে আটাইকেইখন খেলতে জয়লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ কয়, যে এই খেলুৱৈসকল হৈছে দেশৰ যুৱ প্ৰজন্মৰ বাবে অসীম প্ৰেৰণাৰ উৎস। অনাগত দিনত তেওঁলোকে সফলতাৰ এনে বহু গাঁথা ৰচনা কৰিব বুলি শ্রীমতী মু...

September 2, 2026 8:47 PM

views 19

আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় পুৰুষ দল ঘোষণা

আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় পুৰুষ দলটো ঘোষণা কৰা হৈছে। শ্রেয়াছ আয়াৰে নেতৃত্ব দিবলগীয়া দলটোত তিলক বার্মা উপ-অধিনায়ক হিচাপে থাকিব। দলটোৰ আনকেইগৰাকীমান খেলুৱৈ হৈছে যশপ্রীত বুমৰা, ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা। অহা ১৩, ১৫ আৰু ১৭ ছেপ্তেম্বৰত নতুন দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত এই শৃংখলা অনুষ্ঠিত হ'ব।

January 24, 2026 9:20 PM

views 211

কাইলৈ গুৱাহাটীত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। যোৱা নিশা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাটোৰ দ্বিতীয়খন খেলত ভাৰতে নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। ইয়াৰ জৰিয়তে ভাৰতে শৃংখলাত ২-০ৰ অগ্ৰগতি লাভ কৰে৷

December 22, 2025 7:44 PM

views 83

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০ খেল অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব। দেশ দুখনৰ মাজৰ পাচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰি শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰি আছে। হৰমন প্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত প্রথমখন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰে।

September 11, 2025 3:19 PM

views 89

ডুবাইত ভাৰত-পাকিস্তানৰ এছিয়া কাপ টী-২০ খেলখন বাতিলৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

■ উচ্চতম ন্যায়ালয়ে অহা ১৪ ছেপ্তেম্বৰত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত হ'বলগীয়া এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাৰ খেলখন বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ জে কে মহেশ্বৰী আৰু বিজয় বিষ্ণ’ইক লৈ গঠিত এখন বিচাৰপীঠে আজি এখন জনস্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি খেলখন হোৱা উচিত বুলি মন্তব্য কৰে। আইনৰ চাৰিগৰাকী ছাত্ৰই খেলখন বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা জনস্বার্থজড়িত আবেদনখনত পেহেলগাম সন্ত্রাসবাদী আক্ৰমণ আৰু অপাৰেচন ...

March 30, 2025 3:40 PM

views 90

চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেটত আই আই টি গুৱাহাটীৰ বিজয়ৰ খিতাপ

■ ডিব্ৰুগড় বিশ্ববিদ্যালয় খেলপথাৰত কালি অনুষ্ঠিত চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেট প্রতিযোগিতাত আই আই টি গুৱাহাটীয়ে বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত চূড়ান্ত খেলত আই আই টি গুৱাহাটীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ তত্বাৱধানত কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

October 7, 2024 11:19 AM

views 70

তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত বাংলাদেশক ৭ উইকেটত পৰাস্ত ভাৰতৰ

■ গোৱালিয়ৰত কালি নিশা অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰে। ১২৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ১১ অভাৰ ৫টা বলত খেলখনত জয় লাভ কৰে। ভাৰতৰ হৈ সঞ্জু ছেমছন আৰু সূৰ্য কুমাৰ য়াদৱে ২৯ ৰানকৈ সংগ্ৰহ কৰাৰ বিপৰীতে হার্দিক পাণ্ডিয়াই ১৬টা বলত ৩৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। বাংলাদেশৰ হৈ মুস্তাফিজুৰ ৰহমান আৰু মেহিদী হাছান মিৰাজে এটাকৈ উইকেট সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে বেট ধৰি বাংলাদেশে আটাইকেইটা উইকেট হেৰুৱাই ১২৭ ৰান সংগ্ৰহ কৰে। মেহিদী হাছান মিৰাজে ...

August 21, 2024 3:00 PM

views 86

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে মহিলাৰ টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ বাংলাদেশৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইলৈ স্থানান্তৰ

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে মহিলাৰ টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ বাংলাদেশৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইলৈ স্থানান্তৰ কৰিছে। অৱশ্যে বাংলাদেশ এই সংস্কৰণৰ আনুষ্ঠানিক আয়োজক হৈ থাকিব। প্রতিযোগিতাৰ খেলসমূহ অহা ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ ডুবাই আৰু শ্বাৰজাহত অনুষ্ঠিত হ'ব।

July 29, 2024 6:38 PM

views 76

তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত শ্রীলংকাক ৭ উইকেটত পৰাস্ত ভাৰতৰ

শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে শ্রীলংকাক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ৰ অপ্ৰতিৰুদ্ধ অগ্রগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্রীলংকাক বেটিঙৰ বাবে আমন্ত্রণ জনায়। শ্রীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৬১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণুই ২৬ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্শদীপ সিং, অক্ষৰ পেটেল আৰু হার্দিক পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে। আনহাতে বৰষুণ...