June 4, 2024 8:58 PM

views 71

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত উগাণ্ডাক ১২৫ ৰানত পৰাস্ত আফগানিস্তানৰ

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিঞ্জত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰানত পৰাস্ত কৰে। প্ৰভিডেন্সত অনুষ্ঠিত খেলখনত আফগানিস্তানে প্রথমে বেটিং কৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান কৰাৰ প্ৰত্যুত্তৰত উগাণ্ডা ৫৮ ৰানত অল আউট হয়। আফগানিস্তানৰ হৈ ফজলহক ফাৰুকীয়ে ৪ অভাৰত ৯ ৰান খৰচ কৰি ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানৰ ইনিংছত ৰহমনউল্লাহ গুৰবাজে ৭৬ আৰু ইব্রাহিম জাদানে ৭০ ৰানৰ বৰঙণি আগবঢ়ায়। ইপিনে আজি ৱেষ্ট ইণ্ডিজৰ ব্ৰীজটাউনত নিশা ৮ বজাৰ পৰা অ...

June 1, 2024 1:28 PM

views 69

নিউয়র্কত নিশা ৮ বজাত আই চি চি টি-২০ বিশ্বকাপৰত ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰতীয় ক্রিকেট দলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আয়োজিত হোৱা আই চি চি টি-২০ বিশ্বকাপৰ একমাত্র অনুশীলন খেলখনত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। নিউয়র্কত নিশা ৮ বজাৰ পৰা এই খেলখন আৰম্ভ হ’ব। উল্লেখযোগ্য যে বোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলে অহা ৫ জুনত নিউয়র্কতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি বিশ্বকাপত অভিযান আৰম্ভ কৰিব। আনহাতে অহা ৯ জুনত ভাবতে পাকিস্তানৰ বিৰুদ্ধে তথা ১২ জুনত আমেৰিকা আৰু ১৫ জুনত কানাডাৰ বিৰুদ্ধে গ্ৰুপৰ খেলত অংশ ল’ব।