ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ টী-২০ এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক শুভেচ্ছা জনাইছে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলে সমগ্ৰ প্ৰতিযোগিতাখনত অনবদ্য প্রদর্শনেৰে আটাইকেইখন খেলতে জয়লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ কয়, যে এই খেলুৱৈসকল হৈছে দেশৰ যুৱ প্ৰজন্মৰ বাবে অসীম প্ৰেৰণাৰ উৎস। অনাগত দিনত তেওঁলোকে সফলতাৰ এনে বহু গাঁথা ৰচনা কৰিব বুলি শ্রীমতী মুর্মুৱে আস্থা প্ৰকাশ কৰে।
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে তেওঁৰ শুভেচ্ছা বার্তাত কয়, যে প্ৰতিযোগিতাত ভাৰতীয় দলৰ অ-প্ৰতিৰোধ্য অভিযান, অনবদ্য দলীয় ঐক্য আৰু প্ৰৱল দৃঢ়তাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মহিলা দলক শুভেচ্ছা জনাই কয়, যে প্রতিযোগিতাখনত খেলুৱৈসকলৰ আস্থা, দৃঢ়তা আৰু উদ্যম পৰিলক্ষিত হ’ল। এই জয়ে দেশৰ লাখ লাখ যুৱক-যুৱতীক খেলৰ প্ৰতি আগ্রহী হ’বলৈ অনুপ্ৰাণিত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
উল্লেখযোগ্য যে ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৭২ ৰানত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখলৰ অভিলেখ গঢ়ে। ইয়াকে ধৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু টি-২০ ফৰ্মেটৰ এছিয়া কাপ ফাইনেলত ভাৰতে ষষ্ঠবাৰৰ বাবে শ্রীলংকাক পৰাস্ত কৰে৷